ETV Bharat / state

চিকিৎসকক প্ৰহাৰ কৰি ৰঙা ঘৰৰ আলহী ছয় যুৱক - assam news

এগৰাকী ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰিয়েই যুৱক কেইগৰাকীয়ে চিকিৎসকক আক্ৰমণ কৰাৰ লগতে উমৰাংচু চিকিৎসালয়ৰ আচবাব ভাঙি সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ । সোমবাৰে পুৱা উমৰাংচু বজাৰৰ পৰা আৰক্ষীয়ে আটক কৰে লোক কেইজনক ।

etv bharat
author img

By

Published : May 20, 2019, 8:21 PM IST

ডিমা হাছাও, ২০ মে': শনিবাৰে উমৰাংচু হাস্পতালত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত ছয়জনক গ্ৰেপ্তাৰ উমৰাংচু আৰক্ষীৰ । ৰাজু পাল নামৰ এজন লোকৰ মৃত্যুৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এই অপ্ৰীতিকৰ পৰিস্থিতিৰ । যুৱক জনৰ মৃত্যু চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক এন কে বাইলুংৰ গাফিলতিৰ বাবে হোৱা বুলি অভিযোগ তুলি কেইগৰাকীমান লোকে চিকিৎসকগৰাকীৰ ওপৰত আক্ৰমণ কৰাৰ লগতে চিকিৎসালয়খনৰ আচবাব সামগ্ৰী ভাঙি তহিলং কৰে ।

চিকিৎসকক প্ৰহাৰ কৰি ৰঙা ঘৰৰ আলহী ছয় যুৱক

চিকিৎসকক আক্ৰমণ কৰা আৰু চৰকাৰী সম্পত্তি বিনষ্ট কৰাৰ অভিযোগত সোমবাৰে পুৱা উমৰাংচু বজাৰৰ পৰা উমৰাংচু আৰক্ষীয়ে ছয় জনক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা লোককেইজন ক্ৰমে, দেবাসীস পাল, মিঠু শিল, সুমিত শিল, শুভ পাল আৰু মিন্টু বনিক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লোককেইজনক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পাচতে আদালতে লোককেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Intro:ডিমা হাছাও ২০ মে: যোৱা শনিবাৰে উমৰাংচো চৰকাৰী হাস্পাতালৰ চিকিৎসক এন কে বাইলুংৰ গাফিলতীত ৰাজু পাল নামৰ এজন যুৱকৰ মৃত্যৰ ঘটনাৰ পিছত উত্তেজিত ৰাইজে উমৰাংচো চৰকাৰী হাসপাতালৰ চিকিৎসক এন কে বাইলুংৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে চৰকাৰী সম্পত্তি বিনষ্ট কৰাৰ অভিযোগত আজি ৰাতিপূয়া উমৰাংচো বজাৰৰ পৰা ছয় জনক গ্ৰেপ্তাৰ কৰে উমৰাংচো আৰক্ষীয়ে।Body:উমৰাংচো আৰক্ষীয়ে জানিবলৈ দিয়ে যোৱা শনিবাৰে উমৰাংচো হাস্পতালত ৰাজু পালৰ মৃত্যুৰ পিছত কিছু উন্মুক্ত ৰাইজে উমৰাংচো চৰকাৰী হাসপাতালৰ চিকিৎসক এন কে বাইলুংৰ ওপৰত আক্ৰমণ চলাই মাৰপিট কৰাৰ লগতে চৰকাৰী সম্পত্তি বিনষ্ট কৰে। এদিনৰ এই আক্ৰমণৰ ঘটনাত জড়িত থকা ছয়জন যুৱকক আজি ৰাতিপূয়া উমৰাংচো বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বুলি উমৰাংচো আৰক্ষীয়ে জানিবলৈ দিয়ে।Conclusion:উল্লেখযোগ্য উমৰাংচো চহৰৰ ব্যৱসায়ী বছৰ ৩০-ৰ যুৱক ৰাজু পাল শনিবাৰে অসুস্থ হৈ পৰাৰ পাছত ঐ যুৱক জনক উমৰাংচো চৰকাৰী হাস্পাতালত ভৰ্তি কৰাৰ পিছত তাৰ স্বাস্থ্যৰ অৱনতি হবলৈ ধৰে। ৰাইজৰ অভিযোগ তেতিয়া হাস্পাতালত চিকিৎসক এন কে বাইলুং উপস্থিত নাছিল। যুৱকজনক হাসপাতালত ভৰ্তি কৰাৰ পিছৰ পৰাই শাশ্বৰ কষ্ট আৰম্ভ হোৱাৰ ফলত অক্সিজেনৰ কাৰণে চিকিৎসক এন কে বাইলুংক খবৰ দিয়াৰ পাছত চিকিৎসক গৰাকীয়ে ইমান গুৰুত্ব দিয়া নাই। ৰাজুৰ পৰিয়ালৰ অভিযোগ অক্সিজেন যত ৰখা আছিল এটো ৰুমৰ চাবি আছিল চিকিৎসক বাইলুংৰ হাতত। কিন্তু চিকিৎসক এন কে বাইলুং হাসপাতালত আহি উপস্থিত হয় ডেৰ ঘণ্টা পিছত। কিন্তু ইয়াৰ আগতেই মৃত্যু হয় ৰাজু পালৰ তাৰ পিচতেই ৰণক্ষেত্ৰৰ ৰূপ লৈছিল হাস্পাতাল খন। আৰম্ভ চিকিৎসকৰ ওপৰত চকীলৈ প্ৰহাৰ। ইয়াৰ পাছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ। আজি উমৰাংচোৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱক কেইজন হল দেবাসীস পাল মিঠু শিল সুমিত শিল শুভ পাল আৰু মিন্টু বনিক। গ্ৰেপ্তাৰৰ পিছত আজি দিনৰ ভাগত ছয়জন যুৱকক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালত যুৱক কেইজনক জেল হাজোতত প্ৰেৰণ কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.