ETV Bharat / state

Azadi Ka Amrit Mahotsav: ডিমা হাছাওত বিজুলী মহোৎসৱ উদযাপন

author img

By

Published : Jul 29, 2022, 9:16 PM IST

আজাদী কা অমৃত মহোৎসৱৰ অধীনত ডিমা হাছাও জিলাত বিজুলী মহোৎসৱৰ আয়োজন (Azadi Ka Amrit Mahotsav in Dima Hasao)। আজাদী কা অমৃত মহোৎসৱৰ অধীনত ‘‘উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত@2047’’ অনুষ্ঠান আয়োজন কৰা হয় হাফলঙৰ লোদি গাঁৱৰ লোদি হেৰেকা সাংস্কৃতিক ক্লাৱত (Ujjwal Bharat Ujjwal Bhavishya program)।

Azadi Ka Amrit Mahotsav
Azadi Ka Amrit Mahotsav

ডিমা হাচাও, 29 জুলাই: ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ পালন কৰা হৈছে সমগ্ৰ দেশত (Azadi Ka Amrit Mahotsav)। এই আজাদী কা অমৃত মহোৎসৱৰ অধীনত ডিমা হাছাও জিলাত বিজুলী মহোৎসৱৰ আয়োজন কৰা হয় (Azadi Ka Amrit Mahotsav in Dima Hasao)। হাফলঙৰ লোদি গাঁৱৰ লোদি হেৰেকা সাংস্কৃতিক ক্লাৱত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱৰ অধীনত ‘‘উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত@2047’’ অনুষ্ঠান (Ujjwal Bharat Ujjwal Bhavishya program)।

শুকুৰবাৰে দিনৰ 11 বজাত এই অনুষ্ঠানৰ আৰম্ভণি কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই (NC hills autonomous council)। অনুষ্ঠান আৰম্ভ কৰি দেবলাল গাৰ্লোচাই পাহাৰীয়া জিলাত এই ধৰণৰ অনুষ্ঠান আয়োজনৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয় ‘‘আজি আমাৰ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে বিদ্যুৎ পৰিসেৱা । যাৰ বাবে এতিয়া বিদ্যুৎ পৰিসেৱা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে’’ ।

অনুষ্ঠানত উপস্থিত থাকি ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদে কয় যে বৰ্তমানে সমগ্ৰ দেশতেই বিদ্যুৎ সেৱা উপলব্ধ ৷ দেশৰ প্ৰায় প্ৰতিখন গাঁও আৰু ঘৰতে এতিয়া বিদ্যুৎ উপলব্ধ হৈছে । কিছুমান গাঁৱত বিদ্যুৎ উপলব্ধ নহলেও এই গাঁও সমূহত সৌৰ বিদ্যুৎ পৰিসেৱা উপলব্ধ হৈছে ।

ইপিনে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যৰ্বাহী সদস্য নিপোলাল হোজাই, পাৱদামিঙ ৰিয়ামে, ৰাংগালুংবে জেমিৰ লগতে এপিডিচিএল আৰু নিপকোৰ বিষয়ববীয়া সকল । সমগ্ৰ ৰাজ্যতে এই ‘‘উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত@2047’’ৰ আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক: Ranjit Kumar Dass visited Barpeta: বেঁকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.