ডিফু, ২৩ মে': দ্ৰুত হাৰত বৃদ্ধি পোৱা মহামাৰী COVID-19ক লৈ দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলন কক্ষত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন সভা ৷
সভাখনত পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ,সাংসদ হৰেণছিং বে', পৰিষদৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত ইএম খনছিং ৰংপি, কেইবাগৰাকী ইএম, এমএচি উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, চিকিৎসক আৰু বিভাগীয় বিষয়া সকলে অংশ গ্ৰহণ কৰে ৷
সভাত পৰিষদীয় সমষ্টিৰ সদস্য সকলক অধ্যক্ষ হিচাপে লোৱাৰ লগতে সংশ্লিষ্ট ভিডিচি, বিডিঅ' চৰকাৰী গাঁওবুঢ়া, অংগনৱাড়ী কৰ্মী, এএনএম /এমপিডব্লিউ আশা কৰ্মী সকলক সদস্য হিচাপে লৈ প্ৰতিটো পৰিষদীয় সমষ্টি ভিত্তিত গ্ৰাম্য পৰ্যায়ৰ কোৱাৰেণ্টাইন কমিটি গঠন কৰা হ'ব ৷ থকা খোৱাৰ ব্যৱস্থা জিলা প্ৰশাসনে গ্ৰহণ কৰিব বুলি সদৰী কৰে ৷ লগতে প্ৰতিটো পৰিষদীয় সমষ্টিয়ে কোৱাৰেণ্টাইন শিৱিৰ পাতিব লাগিব বুলি কোৱাৰ উপৰিও মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে মেডিকেল টীমক দুয়োখন জিলাত অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ কৰাবলৈ নিৰ্দেশ প্ৰদান কৰে ।
আনহাতে, মন্ত্ৰী পীযুষ হাজৰিকাই পাৰ্বত্য জিলা দুখন অত্যাৱশ্যকীয় সামগ্ৰী সুৰক্ষা কৱছ পিপিই কীট, মাস্ক,গ্ল'ভছ আৰু ভেণ্টিলেটৰ ইত়্যাদিৰ প্ৰস্তুতিৰ সন্দৰ্ভক মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে বুলি সদৰী কৰে ৷ সভাত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে লগতে উল্লেখ কৰে যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনে প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰী সকলৰ হিচাপ ৰখাৰ লগতে মেডিকেল টীমে প্ৰৱেশ পথত প্ৰয়োজনীয় স্কীনিং আদি কৰাৰ লগতে কৰ'ণাৰ লক্ষণ থকা সকলক হাস্পাতাল অথৱা স্বিকৃতি প্ৰাপ্ত কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে বুলি জানিব লৈ দিয়ে ।