ETV Bharat / state

ডিমা হাছাওত বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Dec 22, 2020, 7:00 PM IST

ডিমা হাছাও জিলাৰ লাইলিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত চুপাৰি ভৰ্তি ট্ৰাক । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পৰা ৮০ ফুট তললৈ বাগৰি পৰিল ট্ৰাকখন । বাৰ্মিজ চুপাৰি লৈ শিলচৰৰ পৰা কলকতা অভিমুখে গৈ থাকোঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন।

ডিমা হাছাওত নিয়ন্ত্ৰণ হেৰুৱাই ৮০ ফুট তললৈ বাগৰিল চুপাৰি ভৰ্তি ট্ৰাক

ডিমা হাছাও, ২২ ডিচেম্বৰ: ডিমা হাছাওত সোমবাৰে সন্ধিয়া ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই ৮০ ফুট তললৈ বাগৰিল চুপাৰি ভৰ্তি ট্ৰাক । সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত লাইলিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয় । বাৰ্মিজ চুপাৰি কঢ়িয়াই অনা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পৰা ৮০ ফুট তললৈ বাগৰি পৰে ।

শিলচৰৰ পৰা কলকতা অভিমুখে গৈ থাকোঁতেই ট্ৰাকখন দুৰ্ঘটনাত পতিত হয় । ভয়াৱহ দুৰ্ঘটনাত ট্ৰাক চালকজন গুৰুতৰভাৱে আহত হয় । চালকজনৰ ভৰি ভাঙি গৈছে বুলি জানিব পৰা গৈছে । মঙলবাৰে পুৱা আহত চালকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ যোৱা হয় । লাংটিং আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ট্ৰাকখন অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াৰ । নিশা কুঁৱলি বেছি হোৱাৰ বাবে স্পষ্টকৈ দেখা নোপোৱাত ট্ৰাকখন দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক:অৰুণাচলত সম্পন্ন পৌৰনিগমৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.