হাফলং, ৮ মে' : আজি হাফলং প্ৰেছ ক্লাৱৰ উদ্যোগত হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গছ-পুলি বিতৰণ কৰা হয়। পৰিৱেশ সন্তুলন কৰি ৰখা আৰু গ্ল'ৱেল বাৰ্মিঙৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে হাফলং প্ৰেছ ক্লাৱে আয়োজন কৰে এই গছ-পুলি বিতৰণ কাৰ্যসূচীৰ।
বিদ্যালয়খনৰ চৌহদত আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে ডিমা হাছাও জিলাৰ বনবিভাগৰ ক'নজার্ভেটৰ অৱ ফৰেষ্ট এম টুংনোং, কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ আৰু হাফলং প্ৰেছ ক্লাৱৰ সভাপতি অনুপ বিশ্বাস।
অনুষ্ঠানত উপস্থিত থাকি অনাগত দিনবোৰতো পৰিৱেশ সুৰক্ষাৰ বাবে এনে ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি যোৱাৰ কথা প্ৰকাশ কৰে ক'নজার্ভেটৰ অৱ ফৰেষ্ট এম টুংনোঙে। উল্লেখযোগ্য হাফলং প্ৰেছ ক্লাৱৰ এই পদক্ষেপক আগবঢ়াই নিয়ত সহযোগ কৰিছে হাফলঙৰ বনবিভাগে। ইয়াৰ আগতে নৱোদয় বিদ্যালয়তো গছ-পুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল হাফলং প্ৰেছ ক্লাৱে।