ETV Bharat / state

Devlal Garlosa Communal Statement : সাম্প্ৰদায়িক মন্তব্য কৰা দেৱলাল গাৰ্লোচাৰ পদত্যাগ দাবী তৃণমূল কংগ্ৰেছৰ - উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ

দেৱলাল গাৰ্লোচাৰ সাম্প্ৰদায়িক মন্তব্যক লৈ অব্যাহত আছে বিতৰ্কৰ (Devlal Garlosa Communal Statement)৷ বুধবাৰে তৃণমূল কংগ্ৰেছে সংবাদমেল সম্বোধন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ পদত্যাগ দাবী কৰে ৷

Devlal Garlosa Communal Statement
দেৱলাল গাৰ্লোচাৰ পদত্যাগ দাবী তৃণমূল কংগ্ৰেছৰ
author img

By

Published : Feb 15, 2023, 7:10 PM IST

দেৱলাল গাৰ্লোচাৰ পদত্যাগ দাবী তৃণমূল কংগ্ৰেছৰ

ডিমা হাচাও, 15 ফেব্ৰুৱাৰী : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পদত্যাগ দাবী কৰিছে তৃণমূল কংগ্ৰেছে (Trinamool Congress)। দুটা সংখ্যালঘু সম্প্ৰদায় সন্দৰ্ভত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই কৰা সাম্প্ৰদায়িক মন্তব্যক লৈ এতিয়া ডিমা হাছাও জিলাত বিতৰ্ক অব্যাহত আছে ।

দুটা সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা সাম্প্ৰদায়িক মন্তব্যক (Devlal Garlosa Communal Statement) লৈ ডিমা হাছাও জিলাৰ সাধাৰণ লোকৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে সাংবিধানিক পদত বহি এগৰাকী নেতাই কেনেদৰে দুটা সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে এনে বিদ্বেষমূলক মন্তব্য কৰিব পাৰে !

বুধবাৰে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সদৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পদত্যাগ দাবী কৰে (Dima Hasao Hills Autonomous Council chief Debolal Gorlosa)।

যোৱা 5 ফেব্ৰুৱাৰীত উমৰাংচু পানীমূৰত এখন ৰাজহুৱা সভাত দেৱলাল গাৰ্লোচাই দুটা সংখ্যালঘু সম্প্ৰদায়ৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক আৰু বিদ্বেষমূলক মন্তব্য কৰিছিল ৷ বুধবাৰে সংবাদমেলত ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক চেথমিনথাং খংচাই কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই খ্ৰীষ্টান আৰু মুছলমানৰ বিৰুদ্ধে যি সাম্প্ৰদায়িক আৰু অসংবিধানিক মন্তব্য কৰিছে সেয়া লৈ পাহাৰীয়া জিলাৰ সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।’’

সংবাদমেলত চেথমিনথাং খংচাইয়ে কয়, ‘‘তেওঁ 5 ফেব্ৰুৱাৰীত এখন ৰাজহুৱা সভাত টুপী আৰু ক্ৰছক ঠিক কৰা হ’ব বুলি সাম্প্ৰদায়িক মন্তব্য কৰিছিল । ইয়াৰ পাচতে তৃণমূল কংগ্ৰেছে যোৱা 8 ফেব্ৰুৱাৰীত ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।’’

সংবাদমেলত তেওঁ কয় যে, দেৱলাল গাৰ্লোচাই কৰা এনে সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে যদি জিলা প্ৰশাসন অথবা আৰক্ষীয়ে কোন ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে তৃণমূল কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব । সংবাদমেলত চেথমিনথাং খংচাইয়ে আৰু কয়, ‘‘দেৱলাল গাৰ্লোচা কোনো পূজাৰী নহয়, কোনো মৌলবীও নহয় ৷ গীৰ্জাৰ যাজকো নহয় ৷ তেওঁ এজন ৰাজনৈতিক নেতা আৰু তেওঁ সাংবিধানিক পদত বহি আছে ৷ তেওঁৰ এনে ধৰ্মৰ বিৰুদ্ধে কৰা মন্তব্য কৰা কাম নহয় ৷’’

বৰং তেওঁ নিজৰ কামত মনোযোগ দিয়া উচিত বুলি মন্তব্য কৰাৰ লগতে তৃণমূল কংগ্ৰেছৰ জিলা সম্পাদকগৰাকীয়ে আৰএছএছক কঠোৰ সমালোচনা কৰি কয়, ‘‘আৰএছএছ হৈছে হিটলাৰৰ মতাদৰ্শ লৈ চলা এটা সংগঠন । এই আৰএছএছৰ হাতৰ পুতলা হৈ পৰিছে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নেতাসকল । এতিয়া পাৰ্বত্য পৰিষদক আৰএছএছৰ দৰে সংগঠনে নিয়ন্ত্ৰণ কৰি আছে । এই পাৰ্বত্য পৰিষদখনৰ ক্ষমতা হ্ৰাস কৰি দিছে যাৰ বাবে এতিয়া আৰএছএছৰ দৰে সংগঠনক সন্তুষ্ট কৰাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য, পৰিষদৰ সদস্যসকলে এনেধৰণৰ মন্তব্য দি আছে ।’’

চেথমিনথাং খংচাইয়ে দেৱলাল গাৰ্লোচাৰ মুখ্য কাৰ্যবাহী সদস্য পদত বহি থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰি চেথমিনথাং খংচাইয়ে কয় যে তেওঁ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদৰ পৰা পদত্যাগ কৰা উচিত আৰু তেওঁ যদি নিজে পদত্যাগ নকৰে তেনেহলে দেৱলাল গাৰ্লোচাক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদৰ পৰা পদত্যাগ কৰাৰ বাবে বাধ্য কৰিব লাগিব ।

চেথমিনথাঙে লগতে কয়, ‘‘দেৱলাল গাৰ্লোচাই ঈশ্বৰক চেলেঞ্জ কৰিছে ৷ তেওঁ ভাৰতৰ সংবিধানক চেলেঞ্জ কৰিছে । দেৱলাল গাৰ্লোচাৰ এনে সাম্প্ৰদায়িক মন্তব্যৰ বাবে ডিমা হাছাও জিলাৰ ৰাইজ খ্ৰীষ্টান আৰু মুছলমানসকলৰ ওচৰত ক্ষমা বিচাৰিব লাগিব ৷ নহ’লে আজিৰ পৰাই দেৱলাল গাৰ্লোচাৰ পতন আৰম্ভ হ’ব ৷’’

ইপিনে সংবাদমেলত তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি আচিং জেমিয়ে কয়, ‘‘দেৱলাল গাৰ্লোচাই দুটো সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰিছে ৷ ইয়াৰ যোগ্য উত্তৰ আগন্তুক নিৰ্বাচনত ৰাইজে দিব ৷ কাৰণ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আৰু মাত্ৰ এটা বছৰ আছে ।’’

লগতে পঢ়ক: Central Govt Development Fund : কেন্দ্ৰৰ উন্নয়নমূলক পুঁজি ব্যয়ত চৰম ব্যৰ্থতা অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.