ETV Bharat / state

হাফলঙত নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ বিজেপিৰ - নন্দিতা গাৰ্লচা

হাফলং সমষ্টিত টিকট কটা গ'ল বৰ্তমান বিজেপি বিধায়ক বীৰভদ্ৰ হাগজাৰৰ । বিজেপি দলে নতুন মুখ হিচাপে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে নন্দিতা গাৰ্লচাক । এইবেলি নিৰ্বাচনত ১৬ নং হাফলং উপজাতি সংৰক্ষিত সমষ্টিত বিজেপিৰ টিকট প্ৰত্যাশী মুঠ ১১ গৰাকী বিজেপি নেতাই আবেদন কৰিছিল । ইয়াৰ ভিতৰত আছিল তিনি গৰাকী মহিলা প্ৰাৰ্থী । বিশেষকৈ বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত আছিল নন্দিতা গাৰ্লচা আৰু কুলেন্দ্ৰ দাওলাগাপু ।

টিকট কটা গ'ল বৰ্তমান বিজেপি বিধায়ক বীৰভদ্ৰ হাগজাৰৰ

author img

By

Published : Mar 6, 2021, 6:49 PM IST

ডিমা হাছাও, ৬ মাৰ্চ: হাফলং বিধানসভা সমষ্টিত নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ শাসকীয় দলৰ । নতুন মুখৰ প্ৰাৰ্থীৰ বাবে টিকট লাভৰ পৰা বঞ্চিত হ'ল হাফলং বিধানসভা সমষ্টিৰ বিজেপিৰ বৰ্তমানৰ বিধায়ক বীৰভদ্ৰ হাগজাৰ । উক্ত সমষ্টিত বিজেপি দলে নতুন মুখ হিচাপে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাৰ ঘনিষ্ঠ নন্দিতা গাৰ্লচাক। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নন্দিতা গাৰ্লচা । এইবেলি নিৰ্বাচনত ১৬ নং হাফলং উপজাতি সংৰক্ষিত সমষ্টিত বিজেপিৰ টিকট প্ৰত্যাশী মুঠ ১১ গৰাকী বিজেপি নেতাই আবেদন কৰিছিল । ইয়াৰ ভিতৰত আছিল তিনি গৰাকী মহিলা প্ৰাৰ্থী । বিশেষকৈ বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত আছিল নন্দিতা গাৰ্লচা আৰু কুলেন্দ্ৰ দাওলাগাপু । কিন্তু শেষ মুহূৰ্তত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্ব নন্দিতা গার্লচাৰ ওপৰত আস্থা দেখুৱাই হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে নন্দিতা গাৰ্লচাক প্ৰক্ষেপ কৰে ।

নন্দিতা গাৰ্লচা
নন্দিতা গাৰ্লচা

প্ৰথমবাৰৰ বাবে এইবাৰ কোনো ৰাষ্ট্ৰীয় দলে হাফলং সমষ্টিত কোনো মহিলা নেত্ৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰে । ইপিনে প্ৰয়াত কংগ্ৰেছ নেতা গোবিন্দ চন্দ্ৰ লাংথাচাৰ কণিষ্ঠ পুত্ৰ তথা ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাক কংগ্ৰেছৰ হৈ হাফলং সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰে । উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত বৰ্তমানৰ বিধায়ক বীৰভদ্ৰ হাগজাৰে ৮ হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাক পৰাজিত কৰিছিল কিন্তু ইয়াৰ পিছতে কংগ্ৰেছ নেতৃত্বই নিৰ্মল লাংথাচাৰ ওপৰত আস্থা দেখুৱাই নিৰ্মলক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । অহা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত হাফলং সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন । এই নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত যে মূল যুজঁখন হ'ব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: ধুবুৰীত বিজেপি কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.