ডিমা হাছাও, ৯ মে': ডিমা হাছাও জিলাত শিক্ষক হত্যাকাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক শনিবাৰে গ্ৰেপ্তাৰ কৰে ৰে'ল আৰক্ষীয়ে । বিগত 1 মে'ত ডিটেকচৰা জাতিংগা ৰে'ল দলঙৰ তলৰ পৰা ডিটেকচৰা মিচিকিৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰমাকান্ত দে'ৰ মৃতদেহ উদ্ধাৰ কৰিছিল ৰে'ল আৰক্ষীয়ে ।
মৃতদেহ উদ্ধাৰৰ পাচতে ৰে'ল আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ঘটনা সন্দৰ্ভত । ৮ মে' শুকুৰবাৰে শিক্ষকৰ হত্যাৰ লগত জড়িত তিনিজনকৈ ব্যক্তিক ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শনিবাৰে ডিমা হাছাও আৰক্ষীক গতাই দিয়ে । আৰক্ষীৰ জেৰাত তিনি অভিযুক্তই শিক্ষক ৰমাকান্ত দে'ক পূৰ্ব পৰিকল্পনা অনুসৰি হত্যা কৰি ৰে'লৰ দলঙৰ তলত পেলাই থৈ যায় বুলি স্বীকাৰ কৰে ।
গ্ৰেপ্তাৰ কৰা তিনি অভিযুক্ত হৈছে ক্ৰমে লালমলসম কোজৰ, জঘু ঘউৰী আৰু ডাকু হাজাম । তিনিওজনৰ ঘৰ হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত চাইডিং বস্তিত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।