ETV Bharat / state

অসম বহুমুখী সমবায় সমিতিৰ চাৰি কৰ্মীক আৰক্ষীৰ জেৰা - হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়া

হাফলঙত ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীৰ জেৰা সমবায় সমিতিৰ চাৰিগৰাকী কৰ্মীক ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বহুমুখী সমবায় সমিতিত অনুমোদন জনোৱা এখন পত্ৰ দেখুৱাই হাফলঙত বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল কৰ্মীকেইগৰাকীয়ে ।

The Asom bahumukhi samabai samiti
অসম বহুমুখী সমবায় সমিতিৰ চাৰি কৰ্মীক আৰক্ষীৰ জেৰাৰ
author img

By

Published : Nov 9, 2021, 1:41 PM IST

ডিমা হাছাও, 9 নৱেম্বৰ : অসম বহুমুখী সমবায় সমিতিৰ নামত হাফলঙত ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে প্ৰতিষ্ঠানটোৰ চাৰিগৰাকী কৰ্মী । হাফলঙৰ এখন হোটেলত বাহৰ পাতি অসম বহুমুখী সমবায় সমিতিৰ কৰ্মী বুলি পৰিচয় দি ধনসিং তিমুং, ঘনকান্ত মেহেলা, শ্ৰীবাছ চন্দ্ৰ নাথ আৰু বিজুলাল হাজাইছা নামৰ চাৰিগৰাকী ব্যক্তিয়ে শ্বেয়াৰ বিক্ৰী কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হয় ৷ এই অভিযোগৰ ভিত্তিত শনিবাৰে নিশা হাফলঙৰ হোটেলখনত আৰক্ষীয়ে অভিযান চলায় ।

The Asom bahumukhi samabai samiti
অসম বহুমুখী সমবায় সমিতিৰ চাৰি কৰ্মীক আৰক্ষীৰ জেৰাৰ

হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীৰ দলটোৱে কৰ্মী চাৰিগৰাকীৰ পৰা প্ৰতিষ্ঠানটোৰ সকলো কাগজ পত্ৰ লৈ যোৱাৰ লগতে তেওঁলোকৰ নাম ঠিকনা লিপিবদ্ধ কৰি লৈ যায় । জানিব পৰা মতে, প্ৰতিষ্ঠানটোৰ কৰ্মী চাৰিগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বহুমুখী সমবায় সমিতিত অনুমোদন জনোৱা এখন পত্ৰ দেখুৱাই হাফলঙত বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল ।

অসম বহুমুখী সমবায় সমিতিৰ চাৰি কৰ্মীক আৰক্ষীৰ জেৰা

কিন্তু দেওবাৰে সংগঠনটোৰ সদস্যকেইগৰাকীয়ে সাংবাদিকৰ আগত অসম বহুমুখী সমবায় সমিতিৰ নামত শ্বেয়াৰ বিক্ৰী কৰাৰ বাবে আহিছিল বুলি প্ৰকাশ কৰে ৷ পূৰ্বে এই প্ৰতিষ্ঠানটোৰ নাম আছিল অসম কো-অপাৰেটিভ ইঞ্চুৰেন্স ৷ 1994 চনত অসমত অসম কো-অপাৰেটিভ নামে যাত্ৰা আৰম্ভ কৰি কোম্পানীটোৰ 2001 চনত হাফলঙত তেওঁলোকৰ কাৰ্যালয় আছিল । কিন্তু তাৰ পিছতে কাৰ্যালয়টো বন্ধ হৈ পৰিছিল ।

লগতে পঢ়ক : লামডিং বনাঞ্চলত উচ্ছেদ অভিযান; কি হ’ব গৃহহাৰাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.