ETV Bharat / state

এতিয়াৰ পৰা হাফলং লেকত পৰ্যটকৰ বাবে থাকিব মটৰ ব’ট ৰাইডিং - মুকলি হ’ল ব’ট ৰাইডিং

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য্যই সদায়েই আকৰ্ষিত কৰি আহিছে দেশ বিদেশৰ পৰ্যটক সকলক । শেহতীয়াকৈ পাহাৰীয়া জিলাখনৰ পৰ্যটনৰ ক্ষেত্ৰখনত নতুনকৈ সংযোজিত হল মটৰ ব’ট ৰাইডিং।

এতিয়াৰ পৰা হাফলং লেকত পৰ্যটকৰ বাবে থাকিব মটৰ ব’ট ৰাইডিং

author img

By

Published : Aug 2, 2021, 7:18 PM IST

ডিমা হাছাও 2 আগষ্ট : ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰখনত নৱ সংযোজন ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত পৰ্যটনৰ ক্ষেত্ৰখনত সংযোজিত হ’ল মটৰ ব’ট ৰাইডিং ৷ ৰাজ্যৰ পৰ্যটন বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ডিমা হাছাও জিলাক এক বৃহৎ পৰ্যটন কেন্দ্ৰ স্থল হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে ।

এতিয়াৰ পৰা হাফলং লেকত পৰ্যটকৰ বাবে থাকিব মটৰ ব’ট ৰাইডিং
এতিয়াৰ পৰা হাফলং লেকত পৰ্যটকৰ বাবে থাকিব মটৰ ব’ট ৰাইডিং

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য্যই সদায়েই আকৰ্ষিত কৰি আহিছে দেশ বিদেশৰ পৰ্যটক সকলক । ডিমা হাছাও জিলাৰ জাতিংগা, পানীমূৰ জলপ্ৰপাত, মাইবাং, হাফলং, টুংজে পিক, বৰাইল পিক আদিকে ধৰি ভিন্ন নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ বাবে ভিৰ কৰে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটক সকলে ৷ অন্যহাতে হাফলং চহৰৰ মাজমজিয়াতে আছে ব্ৰিটিছৰ শাসন কালৰে সময়ৰ হাফলং হ্ৰদ । হাফলং চহৰৰ মাজতে অৱস্থিত এই হ্ৰদ হৈছে পৰ্যটক সকলৰ বাবে অন্য এক আকৰ্ষণীয় স্থান ।

এইবাৰ এই হাফলং হ্ৰদত পৰ্যটক সকলক আকৰ্ষণ কৰিবৰ বাবে ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগে মুকলি কৰিছে মটৰ ব’ট ৰাইডিং ৷ দেওবাৰৰ পৰা পৰ্যটক সকলৰ বাবে মুকুলি কৰি দিয়া হয় এই মটৰ ব’ট ৰাইডিং।

ইপিনে ৰাজ্যত মহামাৰী ক’ভিড 19 ৰ সংক্ৰমণ সামান্য হ্ৰাস পাইছে যদিও আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত এতিয়া অনুমতি দিয়া নাই ৰাজ্য চৰকাৰে ৷ যাৰ বাবে এতিয়া ডিমা হাছাওত ভিৰ নাই পৰ্যটকৰ । তথাপিও ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰেল যোগে কম পৰিমানে পৰ্যটকৰ আগমন আৰম্ভ হৈছে অসমৰ অন্যতম এই পাহাৰীয়া জিলা খনলৈ।

লগতে পঢ়ক:লোভেই হ’লগৈ কাল : কুকুৰাৰ গঁড়ালত বন্দী নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.