ডিমা হাছাও, ১৯ জুন: ৰাজ্যত বিশেষ টেট পৰীক্ষা পতাৰ দাবী ডিমাছা ছাত্ৰ সন্থাৰ ৷ ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাত এনচি হিলছৰ প্ৰাৰ্থী সকলৰ কাৰণে বিশেষ টেট পৰীক্ষা পতাৰ দাবী জনাই ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক স্মাৰক পত্ৰ প্ৰদান সন্থাটোৰ । ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ জৰিয়তে শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে।
ষষ্ঠ তপশিলিৰ অন্তৰ্গত দুখন পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ ২০১৯ চনত হ’বলগীয়া টেট পৰীক্ষাৰ কাৰণে এনচি হিলছ প্ৰাৰ্থী সকলৰ কাৰণে বিএড আৰু ডিএলইডিৰ ক্ষেত্ৰত ৰেহাই দিব লাগিব । দুয়োখন জিলাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ খালি পদত এনচি হিলছ প্ৰাৰ্থীৰ কাৰণে বিশেষ টেট পৰীক্ষা পতাৰো দাবী তুলিছে ডিমাছা ছাত্ৰ সন্থাটোৱে ।
ইপিনে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুংয়ে কয় যে, ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ এনচি হিলছ প্ৰাৰ্থী সকলৰ বিশেষ টেট পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে ৪০ শতাংশ কাট অৱ মাৰ্ক দিয়াৰ কথা । ইয়াৰ উপৰি স্মাৰক পত্ৰত ছাত্ৰ সন্থাই ডিমা হাছাও জিলাত এখন বিএড কলেজ স্থাপনৰ দাবী জনায় শিক্ষামন্ত্ৰীৰ ওচৰত ।