ETV Bharat / state

নাৰী দিৱস উপলক্ষ্যে ডিমা হাছাওত সন্মানীত তিনি মহিলা - three women honoured by Department of Social Welfare in Dima Hasao

নাৰী দিৱসৰ দিনা সন্মানীত হ'ল ডিমা হাছাওৰ তিনি মহিলা ৷ সমাজসেৱাৰ দিশত বিশেষ অৱদান আগবঢ়োৱা বাবে তিনিগৰাকী মহিলাকে সন্মানীত কৰা হয় ৷

নাৰী দিৱস
ডিমা হাছাওত সন্মানীত তিনি মহিলা
author img

By

Published : Mar 8, 2020, 6:15 PM IST

ডিমা হাছাও, 8 মাৰ্চ : বিশ্ব নাৰী দিৱস উপলক্ষ্যে সমাজ কল্যান বিভাগৰ উদ্যোগত ডিমা হাছাও জিলাত তিনি মহিলাক প্ৰদান কৰা হয় বিশেষ বঁটা ৷ দেওবাৰে হাফলং সাংস্কৃতিক ভৱনত আয়োজন কৰা এই অনুষ্ঠানত সমাজসেৱাৰ দিশত বিশেষ অৱদান আগবঢ়োৱা তিনি মহিলাক সন্মানিত কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে দিবৰাই মহিলা সমিতিৰ সম্পাদিকা প্ৰবিলা লংমাইলাই ৷

বিশ্ব নাৰী দিৱসৰ দিনটোতে সন্মানিত হোৱা এই তিনিগৰাকী মহিলা হৈছে মেওয়া ৰিম্বাই, পাৰ্বতী থাওচেন আৰু মাইপল কেম্প্ৰাই ৷

ডিমা হাছাওত সন্মানীত তিনি মহিলা

বঁটা গ্ৰহণৰ পাচতে মাইপল কেম্প্ৰাইয়ে সমাজত মহিলাৰ ওপৰত হোৱা শোষণৰ বিৰুদ্ধে মহিলাসকলক সচেতন হ'বলৈ আহ্বান জনায় ৷ সমাজত নাৰীসকলৰ ওপৰত শোষণ আৰু অত্যাচাৰ বাঢ়ি গৈ আছে সেয়েহে ইয়াৰ বিৰুদ্ধে মহিলাসকলে শক্তিশালীভাৱে থিয় দিব লাগে বুলি মন্তব্য কৰে কেম্প্ৰাইয়ে ৷ পুৰুষ তান্ত্ৰিক সমাজত মহিলাসকলে পুৰুষৰ সৈতে সমানে খোজ মিলাই আগবাঢ়ি যাব লাগে আৰু আজিৰ নাৰী কোনো ক্ষেত্ৰতে পুৰুষতকৈ পিছপৰা নহয় বুলি কয় মাউপাল কেম্প্ৰাইয়ে ৷

আৰু পঢ়ক : কৰ'ণা ভাইৰাছক লৈ সষ্টম আগৰতলাস্থিত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.