ডিমা হাছাও, ৪ এপ্ৰিল: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাত উদ্ধাৰ প্ৰাচীন কালৰ বৃহৎ আকাৰৰ পানী ৰখা কৈ লাটিমৰ সাদৃশ্য শিলৰ জাৰ । ১৫০০/১৬০০ শতাব্দীৰ এই শিলৰ জাৰ উদ্ধাৰ হৈছে ডিমা হাছাওৰ বিভিন্ন ঠাইত (Researchers discover mysterious giant stone jars) ।
এই শিলৰ জাৰবোৰৰ উচ্চতা এক ফুট ডেৰ ফুটৰ পৰা আৰম্ভ কৰি পাঁচ ফুট পৰ্যন্ত । ডিমা হাছাও জিলাৰ ১১ টাকৈ স্থানত উদ্ধাৰ হৈছে শিলৰ এই জাৰবোৰ । উদ্ধাৰ হোৱা এই শিলৰ জাৰবোৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰত্নতাত্বিক বিভাগে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
![recovered ancient stone jar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11_04042022105924_0404f_1649050164_398.jpg)
উত্তৰ পূৱৰ অসমত এনেধৰণৰ ঐতিহাসিক শিলৰ জাৰ উদ্ধাৰ হোৱাৰ পিচতে মেঘালয়ৰ দুটা স্থানতো এনে ধৰণৰ শিলৰ জাৰৰ সন্ধান পোৱা গৈছে । ২০২০ চনত নেহু বিশ্ববিদ্যালয়ৰ ডঃ তিলক ঠাকুৰীয়া আৰু গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ডঃ উত্তম বাথাৰিয়ে ডিমা হাছাও জিলাত উদ্ধাৰ হোৱা এই ধৰণৰ শিলৰ জাৰক লৈ কৰা অধ্যয়ন আৰু গৱেষণা কৰি ডিমা হাছাও জিলাৰ বিভিন্ন স্থানত এই সমূহ শিলৰ জাৰৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে (Mysterious giant stone jars in Dima Hasao) ।
ডিমা হাছাও জিলাৰ বলচাং, যি কলনীয়েল ৰেকৰ্ডছত আছে আৰু বৰ্তমানৰ জংবুংলো বিশ্বৰ আটাতকৈ অধিক সংখ্যক অৰ্থাৎ ৫৪৪ টা শিলৰ জাৰ উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ হোৱা এইসমূহ শিলৰ জাৰৰ ভিতৰত মানুহৰো অৱশিষ্টৰ হাৰ পোৱা গৈছে বুলি জানিবলৈ দিয়ে উত্তম বাথাৰিয়ে । তেওঁ কয় এই জংবুংলো গাঁও হৈছে এনে ধৰণৰ প্ৰাচীন শৈল্য জাৰ উদ্ধাৰ হোৱা বিশ্বৰ এটা সৰ্ববৃহৎ অঞ্চল ।
উত্তম বাথাৰিয়ে কয়, এই শিলৰ জাৰ সমূহৰ ভিতৰখণ্ডত মানুহৰ মৃত্যৰ পিচত মৃতদেহ সৎকাৰৰ বিভিন্ন তথ্য গৱেষণাত প্ৰকাশ পাইছে । উত্তম বাথাৰিয়ে লগতে কয়, ইণ্ডোনেছিয়া আৰু লাওছতো শিলৰ এনে বহু জাৰ পোৱা গৈছে যাক লৈ ইতিমধ্যে অধ্যয়ন কৰি থকা হৈছে । লগতে ইন্দোনেছিয়াত ৩০০ পৰা ৫০০ বছৰ পুৰণি শিলৰ জাৰ আৰু লাওছত তিনি হাজাৰ বছৰ পুৰণি শিলৰ জাৰ উদ্ধাৰ কৰা হৈছে । ইতিমধ্যে লাওছক বিশ্বৰ সৰ্ববৃহৎ হেৰিটেজ ছাইট হিচাবে ঘোষণা কৰা হৈছে ।
![recovered ancient stone jar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11_04042022105924_0404f_1649050164_120.jpg)
অসমৰ অন্যতম পাহাৰীয়া জিলাখনৰ ১১ টাকৈ স্থানত যদিও প্ৰাচীনকালৰ এই শিলৰ জাৰসমূহ উদ্ধাৰ কৰা হৈছে তথাপি পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত এনে ধৰণৰ আৰু শিলৰ জাৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে ৷ এইদৰে ক’লে গৱেশক উত্তম বাথাৰিয়ে ৷
উল্লেখ্য যে, ডিমা হাছাও জিলাৰ চাইকাম হেৰাকীলো খোৱাক আৰু দেৱেলিং গাঁৱত উদ্ধাৰ হৈছে এইসমূহ শিলৰ জাৰ । উদ্ধাৰ হোৱা এই জাৰ সমূহ ১৫০০/১৬০০ শতাব্দৰ পূৰ্বৰ যি প্ৰায় ৬০০/৭০০ বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে আৰু এই শিলৰ জাৰসমূহ জিলাখনৰ যতে ততে সিঁচৰতি হৈ পৰি আছে ।
লগতে পঢ়ক: 28 এপ্ৰিলত অসমত 7 খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে