ETV Bharat / state

স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনৰ

author img

By

Published : Aug 11, 2021, 12:00 PM IST

দেশে এইবেলি উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ পূৰ্বৰ দৰে এইবেলিও স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ উত্তৰ-পূৱৰ একাংশ বিদ্ৰোহী সংগঠনৰ ৷

Independence Day
স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ বিদ্ৰোহী সংগঠনৰ

ডিমা হাছাও, ১১ আগষ্ট : স্বাধীনতা দিৱসলৈ (Independence Day) মাজত মাত্ৰ তিনিটা দিন বাকী । ক'ভিড পৰিস্থিতিৰ (Covid situation) মাজতো স্বাধীনতা দিৱস উদযাপনৰ বাবে ঠায়ে ঠায়ে চলিছে প্ৰস্তুতি । অসম চৰকাৰে ৰাজ্যৰ ভিন্ন স্থানত স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ।

কিন্তু দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কেইবাটাও বিদ্ৰোহী সংগঠনে দিৱসটি বৰ্জন কৰিবলৈ হুংকাৰ প্ৰদান কৰিছে । পূৰ্বৰ দৰে ডিমাচা নেচনেল লিবাৰেচন আৰ্মী (Dimasa National Liberation Army) চমুকৈ ডিএনএলএ (DNLA) নামৰ বিদ্ৰোহী সংগঠনটোৱে স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ কেইবাখনো জিলা বন্ধৰ আহ্বান জনালে । সংগঠনটোৱে বিভিন্ন দাবীৰে ৩৬ ঘণ্টীয়া হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা বন্ধৰ আহ্বান জনায় । ১৪ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১৫ আগষ্টৰ বিয়লি ৫ বজালৈ এই বন্ধৰ আহ্বান জনালে সংগঠনটোৱে ।

প্ৰকৃততে পৃথক হিড়িম্বা ৰাজ্য গঠনৰ দাবীত এই বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে । উগ্ৰপন্থী সংগঠনটোৰ দায়িত্বত থকা নুখ্য নেতা কাৰমিনদাও ডিমাচা আৰু প্ৰচাৰ সচিব ৰিংসমাই ডিমাচাই প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰে । সংগঠনটোৰ তৰফৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যেতিয়ালৈ তেওঁলোকৰ দাবী মানি নলয়, তেতিয়ালৈ আন্দোলন চলি থাকিব বুলি ব্যক্ত কৰিছে ।

সংগঠনটোৰ এগৰাকী নেতাই জনোৱা মতে, ইয়াৰ পূৰ্বে ডিএনএছএফ ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনে এই আন্দোলন কৰিছিল । ইয়াৰ উপৰিও ডিমাচা-কছাৰী সমস্যা সমাধানৰ বাবে ১৯৯১ চনৰ পৰা সদৌ ডিমাচা ছাত্ৰ সন্থাই (All Dimasa Student Union) আন্দোলন চলাই আহিছে । কিন্তু এতিয়ালৈকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ডিমাচা-কছাৰী সমস্যা সমাধানৰ ক্ষেত্ৰত একো পদক্ষেপ লোৱা নাই বুলি অভিযোগ কৰে উগ্ৰপন্থী সংগঠনটোৰ নেতা গৰাকীয়ে ।

ইফালে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ ULFA(I) ই প্ৰেৰণ কৰিছে প্ৰেছ বিজ্ঞপ্তি । স্বাধীনতা দিৱস উদযাপনৰ বিৰোধিতা কৰিছে উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনটোৱে । প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, ক'ভিড পৰিস্থিতি, বান, সীমান্ত বিবাদ আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমত কোনো সশস্ত্ৰ প্ৰতিবাদ কৰাৰ পৰা এইবেলি বিৰত থাকিব আলফা(স্বা) ।

লগতে পঢ়ক: তিনিচুকীয়াত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ চাৰি দুৰ্ধর্ষ NSCN কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.