ETV Bharat / state

ডিমা হাছাওৰ বান-ভূমিস্খলনত ৰে’ল বিভাগৰ 350 কোটি টকাৰ ক্ষতি - ৰে’ল বিভাগৰ 350 কোটি টকাৰ ক্ষতি

ডিমা হাছাওত ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱত লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথৰ ব্যাপক ক্ষতিসাধন ঘটে ৷ ইয়াৰ ফলত যোৱা 14 মে’ৰ পৰা লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথ বন্ধ হৈ আছে ৷ বৰ্তমানে এই ৰে’লপথটো সূচল কৰি তোলাৰ বাবে ৰে’ল বিভাগে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে ৷ এই ভূমিস্খলনৰ ফলত দৃষ্টিনন্দন নিউ হাফলং ষ্টেচন এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে ৷ ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ৰে’ল বিভাগৰ 350 কোটি টকাৰ ক্ষতি(Rail department losses rupees 350 crore in landslides and floods in dima hasao) ৷

rail-department-losses-rupess-350-crore-in-landslides-and-floods-in-dima-hasao
ৰে’ল বিভাগৰ 350 কোটি টকাৰ ক্ষতি
author img

By

Published : May 30, 2022, 4:55 PM IST

ডিমা হাছাও, 30 মে’ : ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ৰে’ল বিভাগৰ 350 কোটি টকাৰ ক্ষতি(Rail department losses rupees 350 crore in landslides and floods in dima hasao) ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ(NDMA) ৰ বিত্তীয় উপদেষ্টা ৰবিনেশ কুমাৰৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল ডিমা হাছাওত সংঘটিত প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে বুজ ল’বলৈ অহাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিনিধি দলটোক অৱগত কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৰ এডিআৰএমে ৷

ডিমা হাছাওত ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱত লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথৰ ব্যাপক ক্ষতিসাধন ঘটে ৷ ইয়াৰ ফলত যোৱা 14 মে’- ৰ পৰা লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথ বন্ধ হৈ আছে ৷ বৰ্তমানে এই ৰে’লপথটো সূচল কৰি তোলাৰ বাবে ৰে’ল বিভাগে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে ৷ এই ভূমিস্খলনৰ ফলত দৃষ্টিনন্দন নিউ হাফলং ষ্টেচন এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে ৷

ভূমিস্খলন আৰু বানৰ তাণ্ডৱত নিউ হাফলং ষ্টেচনত থকা তিনিখনকৈ ৰে’লৰ ইঞ্জিন সম্পূৰ্ণৰূপে বিনষ্ট হোৱাৰ লগতে গুৱাহাটী-শিলচৰ বিশেষ এক্সপ্ৰেছ ৰে’লখনৰ চাৰিটাকৈ ডবা সম্পূৰ্ণ নষ্ট হৈ যায় ৷ বৰ্তমানে নিউ হাফলং ষ্টেচনটোক পূৰ্বৰ ৰূপ দিয়াৰ বাবে ঠিকাদাৰ লক্ষ্মণ গুপ্তাক দায়িত্ব অৰ্পণ কৰা হৈছে ৷ এতিয়া যুদ্ধকালীন তৎপৰতাৰে নিউ হাফলং ষ্টেচন পুনৰ নিৰ্মাণৰ কাম চলি আছে ৷

ইপিনে উত্তৰ-পূৱ সীমান্ত ৰে’ল সূত্ৰই জানিবলৈ দিয়া মতে, ডিটেকচৰাৰ পৰা নিউ জাতিংগা লামপুৰ ষ্টেচনলৈকে ৰে’লপথটো সম্প্ৰতি সূচল কৰি তোলা হৈছে ৷ ডিটেকচৰাৰ সমীপৰ 290 নং ৰে’ল দলংখন মেৰামতি কৰি ঠিক কৰি তোলা হৈছে ৷ 4 জুনত বদৰপুৰৰ পৰা নিউ জাতিংগা লামপুৰ ষ্টেচনলৈকে পৰীক্ষামূলকভাৱে পণ্যবাহী ৰে’ল চলোৱাৰো সম্ভাৱনা আছে ৷ লগতে 15 জুনৰ ভিতৰত বদৰপুৰ আৰু নিউ হাফলং ষ্টেচনৰ মাজতে এখন যাত্ৰীবাহী ৰে’ল চলোৱাৰ চেষ্টা চলাই আছে ৰে’ল বিভাগে ৷ কিন্তু এই ৰে’ল চলাৰ সকলো বিষয় নিৰ্ভৰ কৰিব বতৰৰ ওপৰত ৷

বদৰপুৰৰ পৰা লামডিঙলৈকে ৰে’ল চলাচল 10 জুলাইৰ আগতে সম্ভৱ নহয় বুলি উত্তৰ-পূৱ সীমান্ত ৰে’লসূত্ৰই জানিবলৈ দিয়ে ৷ কিয়নো দাওটুহাজা আৰু ফাইডিঙৰ মাজতে দুটাকৈ স্থানত ৰে’ল লাইনৰ তলৰ পৰা মাটি খহি পৰাৰ বাবে এই দুই অংশত ৰে’ল লাইন ভাঙি পৰে, যাৰ বাবে এই দুই স্থান বেছি বিপদজনক অৱস্থাত আছে ৷ এই অংশ ঠিক কৰি তোলাৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ’ব বুলি ৰে’ল সূত্ৰই সদৰি কৰে ৷

উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণৰ বাবে বিগত 14 মে’-18 মে’লৈকে লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথৰ 58 টা স্থানত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ৰে’লপথটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে ৷ যাৰ বাবে আজি প্ৰায় 17 দিন ধৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত ৰে’ল চলাচল বন্ধ হৈ থকাত ডিমা হাছাওৰ লগতে বৰাক উপত্যকাৰ তিনিখন জিলা আৰু মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ ৰে’লপথৰ সৈতে বহিঃৰাজ্যৰ লগত যোগাযোগ বিছিন্ন হৈ আছে ৷

লগতে চাওক: Dima Hasao Tragedy: ডিমা হাছাওত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.