ডিমা হাছাও,4 জুন: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা এতিয়া দিছপুৰৰ হাতত ৷ বৃহস্পতিবাৰে এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলঙবাৰে ৷ ষষ্ঠ অনুসূচীৰ নীতি-নিয়ম ভংগ কৰি পাৰ্বত্য পৰিষদৰ ক্ষমতা দিছপুৰীয়াই নিজৰ হাতত ৰাখিব বিচাৰিছে বুলি প্ৰাক্তন বিধায়ক গৰাকীয়ে বিস্ফোৰক অভিযোগ তোলে । সংবাদমেলখনত অংশগ্ৰহণ কৰি হাফলঙবাৰে ৰাজ্য চৰকাৰে হাগ্ৰামা মহিলাৰীক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে বিটিচি ভংগ কৰি ৰাজ্যপালৰ শাসন জাৰি কৰাৰ কথা উল্লেখ কৰে ৷
আনহাতে, ডিমা হাছাও অসমৰ অংশ হোৱা-নোহোৱা সম্পৰ্কত সন্তোষ হোজাই হত্যাৰ ডেৰ মাহ অতিক্ৰম হোৱাৰ পিছতো এই হত্যাৰ লগত জড়িতৰ সন্দেহত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰ নকৰাত সমগ্ৰ ঘটনাটোত আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 12 মাহে বন্ধ হৈ থকা 538 গৰাকী কৰ্মচাৰীৰ বেতন মুকলি কৰি দিয়াৰ দাবী জনায় প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলঙবাৰে ৷
লগতে চাওকঃ ৰাইজে আটক কৰি আৰক্ষীক গতালে চোৰ