ETV Bharat / state

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি - Panchayatiraaj system will not be implemented in Dima Hasao

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয় । এক সংবাদমেলযোগে এই মন্তব্য কৰে বিজেপিৰ জিলা সভাপতি নিপোলাল হোজাইয়ে ৷

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি
author img

By

Published : Nov 25, 2019, 4:17 AM IST

ডিমা হাছাও 24 নৱেম্বৰ: দেওবাৰে সন্ধিয়া হাফলং বিজেপি কাৰ্যালয়ত এখন সংবাদমেল আহ্বান কৰি ডিমা হাছাও জিলা বিজেপিৰ সভাপতি তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ ই এম নিপোলাল হোজাইয়ে কয় ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন কেতিয়াও নহয় । ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ডিমা হাছাও জিলাত কাৰ্যকৰী নহয় বুলি সংবাদ মেলত সদৰী কৰে নিপোলাল হোজাইয়ে । জিলা বিজেপি সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত সদৰী কৰি কয় 2021 ৰ বিধানসভা নিৰ্বাচন আহিছে কিন্তু এতিয়া বিৰোধী কংগ্ৰেছ দলৰ ওচৰত কোন ইছ্যু নোহোৱাৰ বাবে দলটোৱে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে । নিপোলাল হোজাইয়ে সংবাদমেলখনত স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা আশ্বস্ত কৰা হৈছে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাত কেতিয়াও পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয় ৷

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি
ইয়াৰোপৰি সংবাদমেলত নিপোলাল হোজাইয়ে কয় যে ডিমা হাছাও জিলাত পৰিষদৰ অধীনত নিজস্ব ভূমি আইন থকাৰ বাবে পাহাৰীয়া জিলাখনত কেব কাৰ্যকৰী নহয় । সভাপতিগৰাকীয়ে লগতে কংগ্ৰেছ দলে ডিমা হাছাও জিলাত ডিটেনচন কেম্প স্থাপন কৰা হ'ব বুলি ৰাইজৰ মাজত অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ কিন্তু এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন কিয়নো, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ডিমা হাছাও জিলাত ডিটেনচন কেম্প স্থাপনৰ বাবে কোনো ভূমিৰ আবন্টন নিদিয়ে বুলি আজি সংবাদ মেলত স্পষ্ট কৰি দিয়ে বিজেপিৰ ডিমা হাছাও জিলা সভাপতি নিপোলাল হোজাইয়ে । তদুপৰি কংগ্ৰেছ দলৰ এই ধৰণৰ অপপ্ৰচাৰৰ তীব্ৰ গৰিহণা দিয়ে বিজেপিৰ জিলা সভাপতি গৰাকীয়ে ।

আৰু পঢ়ক 'মহা' ৰাজনৈতিক সংকট : উচ্চতম ন্যায়ালয়ৰ শুনানি

Intro:ডিমা হাছাও 24 নৱেম্বৰ: ডিমা হাছাও জিলাত পঞ্চয়ত ৰাজ প্ৰৱৰ্তন কেতিয়া ও নহয়। দেওবাৰে সন্ধিয়া হাফলং বিজেপি কাৰ্যালয়ত এখন সংবাদমেল পাতি ডিমা হাছাও জিলা বিজেপিৰ সভাপতি তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ ইএম নিপোলাল হোজাইয়ে কয় ডিমা হাছাও জিলাত পঞ্চয়ত ৰাজ প্ৰৱৰ্তন কেতিয়া ও নহয়। ইয়াৰ লগতে ক্যাব ডিমা হাছাও জিলাত কাৰ্যকৰী নহয় বুলি সংবাদ মেলত সদৰী কৰে নিপোলাল হোজাইয়ে।Body:আজি বিজেপি জিলা কাৰ্যালয়ত নিপোলাল হোজাইয়ে সাংবাদিকৰ আগত সদৰী কৰি কয় 2021-ৰ বিধানসভা নিৰ্বাচনক আহিছে কিন্তু এতিয়া বিৰোধী কংগ্ৰেছ দলৰ ওচৰত কোন ইচ্যু নো হোৱাৰ বাবে কংগ্ৰেছ দলে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে। নিপোলাল হাজাইয়ে আজি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা আশ্বস্ত কৰা হৈছে ষষ্ঠ তপসিলিৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাত কেতিয়া পঞ্চয়ত ৰাজ প্ৰৱৰ্তন নো হয়।Conclusion:ইয়াৰ উপৰি সংবাদমেলৰ নিপোলাল হোজাইয়ে আৰু কয় ডিমা হাছাও জিলাত পৰিসদৰ অধীনত নিজস্ব ভূমি আইন থকাৰ বাবে পাহাৰীয়া জিলাত ক্যাব কাৰ্যকৰী নহয়। নিপোলাল আৰু কয় কংগ্ৰেছ দলে প্ৰচাৰ চলাইছে ডিমা হাছাও জিলাত ডিটেনচন ক্যাম্প স্থাপন কৰা হব বুলি ৰাইজৰ মাজত অপপ্ৰচাৰ চলাইছে ইয়া সম্পূৰ্ণ ভিত্তিহীন কিয়নো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদে ডিমা হাছাও জিলাত ডিটেনচন ক্যাম্প স্থাপনৰ বাবে কোন ভূমিৰ আবন্টন নিদিয়ে বুলি আজি সংবাদ মেলত স্পষ্ট কৰি দিয়ে বিজেপিৰ ডিমা হাছাও জিলা সভাপতি নিপোলাল হোজাইয়ে। ইয়াৰ উপৰি কংগ্ৰেছ দলৰ এই ধৰণৰ অপপ্ৰচাৰৰ তীব্ৰ গৰিহণা দিয়ে বিজেপিৰ জিলা সভাপতি গৰাকীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.