ETV Bharat / state

হাফলঙৰ মাহুৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু - পি লেইকুল গাঁৱ

বিদ্যুৎ পৰিষদৰ কৰ্তব্যত গাফিলতিৰ ভয়াৱহ পৰিণতি ৷ হালি থকা বিদ্যুৎ তাঁৰে প্ৰাণ ললে এজনৰ ৷ ৰাইজৰ অভিযোগ বিদ্যুৎ পৰিষদৰ গাফিলতিৰ ফলতে সংঘটিত হ'ল এই হৃদয়বিদাৰক কাণ্ড

মাহুৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু
author img

By

Published : Nov 11, 2019, 8:47 AM IST

ডিমা হাছাও, 10 নৱেম্বৰ: দেওবাৰে ডিমা হাছাও জিলাৰ মাহুৰৰ পি লেইকুল গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় থাংগিন লোণকিম নামৰ এজন ব্যক্তিৰ ৷ তথ্য অনুসৰি মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱখনৰ থাংগিন লোণকিম নামৰ লোকজন লেইকুল গাঁৱৰ পৰা ইমপুই গাঁৱলৈ গৈ থকা সময়ত হালি থকা এডাল বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শত আহি থিতাতে মৃত্যুক সাবতি লয় ৷ স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ পৰিষদৰ গাফিলতিৰ ফলতে সংঘটিত হ'ল এই হৃদয়বিদাৰক কাণ্ড ৷ কিন্তু এই কাণ্ডৰ পাছতো ৰাস্তাৰ মাজত পৰি থকা বিদ্যুতৰ তাঁৰৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যুৎ পৰিষদে ৷ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

আৰু পঢ়ক: শিৱ সেনাক মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ আহ্বান ৰাজ্যপালৰ

Intro:ডিমা হাছাও 10 নৱেম্বৰ: বিদ্যুৎ বিভাগৰ উদাসীনতাৰ কাৰণে ডিমা হাছাও জিলাত এজন ব্যক্তিৰ মৃত্যু হয়। আজি মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত পি লেইকুল গাঁওৰ থাংগিন লোণকিম নামৰ এক ব্যক্তিৰ মৃত্যু হয়।Body:জানিব পৰা মতে মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত পি লেইকুল গাঁওৰ থাংগিন লোণকিম খোচকৰি পি লেইকুল গাঁওৰ পৰা ইমপুই গাঁওত যোৱাৰ সময়ত ঝুলি থকা বিদ্যুৎৰ তাৰৰ সংস্পৰ্শত অহাৰ কাৰণে থিতাতে মৃত্যু হয় থাংগিন লোণকিমৰ।Conclusion:গাঁওবাসীৰ অভিযোগ বিদ্যুৎ বিভাগৰ হেয়ালিপনাৰ কাৰণে আজি এই দুৰ্ঘটনা সংগঠিত হৈছে। ৰাস্তাৰ মাজত বিদ্যুতৰ তাৰ ঝুলি পৰাৰ পিছত বিদ্যুৎ বিভাগে গুৰুত্ব না দিয়াৰ কাৰণে এই দুৰ্ঘটনা সংগঠিত হৈছে বুলি গাঁওবাসীৰ অভিযোগ। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.