ETV Bharat / state

প্ৰথমবাৰৰ বাবে পথ নিৰ্মাণ হ'ল ডিমা হাচাওৰ ইডিংলো গাঁৱত - MSC ৰ বিশেষ পেকেজৰ

হাফলঙৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দিহামলাই সমষ্টিৰ ইডিংলো গাঁৱত 70 বছৰ ধৰি নাছিলে কোনো যাতায়াতৰ ব্যৱস্থা ৷ দেওবাৰে গাঁওখনত MSC ৰ বিশেষ পেকেজৰ ধনেৰে শুভাৰম্ভণি কৰা হয় এটি কেঁচা পথৰ ৷

প্ৰথমবাৰৰ বাবে পথ নিৰ্মাণ হ'ল ইডিংলো গাঁৱত

author img

By

Published : Feb 8, 2021, 7:59 AM IST

Updated : Feb 8, 2021, 9:25 AM IST

ডিমা হাছাও 8ফেব্ৰুৱাৰী: ডিমা হাছাও জিলাৰ এখন বিশেষ গাঁও ৷ হাফলঙৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দিহামলাই সমষ্টিৰ গাঁওখনত 70 বছৰ ধৰি নাছিলে কোনো যাতায়াতৰ ব্যৱস্থা ৷ ইয়াৰ লগতে বিদ্যুৎ আৰু জনস্বাস্থ্য বিভাগকে ধৰি খোৱা পানীৰ সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে গাঁওবাসীয়ে ৷ তাৰ মাজতে ইডিংলো নামৰ গাঁওখনলৈ আহিল সু-খবৰ ৷ দীৰ্ঘদিনৰ পাচত গাঁওখনত নিৰ্মাণ হ'ল এটি কেঁচা পথ ৷ দেওবাৰে পথটোৰ শুভাৰম্ভণি কৰা হয় ৷

প্ৰথমবাৰৰ বাবে পথ নিৰ্মাণ হ'ল ডিমা হাচাওৰ ইডিংলো গাঁৱত

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্য ৰাঙ্গালুংবে জেমিয়ে জনোৱা মতে, MSC ৰ বিশেষ পেকেজৰ ধনেৰে নিৰ্মাণ কৰা হৈছে এই পথটো ৷ দেৱলাল গার্লোচাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিচতে ইডিংলো গাঁওখনত 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এটি কেঁচা পথ ৷ বৰ্তমান সেইপথটোৰ লগতে আৰু 28 কিলোমিটাৰ দৈৰ্ঘৰ পথ সংযোগ কৰি নিৰ্মাণৰ কাম হাতত লৈছে বুলি সদস্য গৰাকীয়ে মন্তব্য কৰে ৷ ইয়াৰ লগতে পথ নিৰ্মাণৰ পাচতে গাঁওখনত বিদ্যৎ আৰু স্বাস্থ্য আৰু খোৱা পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে ৰাঙ্গালুংবে জেমিয়ে ৷

লগতে পঢ়ক: উত্তৰাখণ্ডৰ জলপ্ৰলয়:মানুহৰ হস্তক্ষেপ বৃদ্ধিয়ে বানপানীৰ সৃষ্টি কৰিছে

Last Updated : Feb 8, 2021, 9:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.