ETV Bharat / state

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল গাঁৱৰ ওচৰত বিধ্বস্ত পথচোৱা মেৰামতি

author img

By

Published : Aug 14, 2021, 10:51 PM IST

ভূমিস্খলনৰ ফলত প্ৰায়েই শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যানবাহন চলাচল ব্যাহত হৈ পৰে । শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰ এন লেইকুল গাঁৱৰ ওচৰৰ পথচোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । পথটোৰে গধুৰ যানবাহনৰ চলাচল ১২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হয় ।

National Highway Authority starts repairing of 27th National Highway
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল গাঁৱৰ ওচৰত বিধ্বস্ত পথচোৱা মেৰামতি

ডিমা হাছাও, ১৪ আগষ্ট: অৱশেষত শুকুৰবাৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল গাঁৱৰ ওচৰত বিধ্বস্ত পথচোৱা মেৰামতিৰ কাম আৰম্ভ কৰিলে শিলচৰৰ লক্ষ্মী মটৰ্চে । বাৰিষাৰ সময়চোৱাত যাতায়াত সুচল কৰিবলৈ পথচোৱা মেৰামতি কৰা হৈছে । ভূমিস্খলনৰ ফলত প্ৰায়েই শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যান-বাহন চলাচল ব্যাহত হৈ পৰে । আদবাটতে ঘণ্টাৰ পাছত ঘণ্টা ধৰি যান-বাহন আৱদ্ধ হৈ পৰে ।

সেয়ে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে শিলচৰৰ লক্ষ্মী মটৰ্চে পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে । শুকুৰবাৰে ১২ ঘণ্টাৰ বাবে নিৰিমবাংলো আৰু জাতিংগা সংযোগী পথৰ এন লেইকুল গাঁৱৰ সমীপৰে গধুৰ যানবাহনৰ চলাচল বন্ধ কৰি দিয়া হয় । ভূমিস্খলনৰ সময়ত এন লেইকুল গাঁৱৰ ওচৰত থকা কেঁকুৰিবোৰত বহু যান-বাহন আৱদ্ধ হৈ পৰে ।

ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ লগতে অসমৰ বৰাক উপত্যকা আৰু ডিমা হাছাও জিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা এই ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ বাবে শুকুৰবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা ১২ ঘণ্টাৰ বাবে পথটোৰে যাতায়াত বন্ধ কৰি দিয়া হয় ।

এই সময়চোৱাত গধুৰ বাহনৰ চলাচল বন্ধ কৰি দিয়া হয় যদিও লঘু বাহনৰ চলাচল অব্যাহত থাকে । ভূমিস্খলনে প্ৰভাৱিত কৰা ঠাইত এক্সকেভেটৰেৰে পাহাৰৰ মাটি কাটি পথটো মেৰামতি কৰা হৈছে । বৰ্তমান পথটোৰ মেৰামতিৰ কাম কৰি থকা লক্ষ্মী মটৰ্ছ নামৰ এখন নিৰ্মান সংস্থাটোৰ প্ৰজেক্ট মেনেজাৰ কৃষ্ণা ডৰাই জানিবলৈ দিয়ে যে, এই পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে ট্ৰাক আৰু বাছ চলাচলৰ অনুমতি দিয়া হ'ব ।

আনহাতে, ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ১২ ঘণ্টাৰ বাবে যাতায়াত বন্ধ কৰি দিয়াৰ বাবে ঘাইপথৰ দুয়ো দিশত বহু যান-বাহন আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক:আই নৈৰ বাঢ়নী পানীয়ে জুৰুলা কৰিছে নৈপৰীয়া ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.