ETV Bharat / state

DNLA unilateral ceasefire: পুনৰ 6 মাহলৈ বৃদ্ধি ডিএনএলএৰ একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ - Dimasa militant outfit

পুনৰ 6 মাহলৈ বৃদ্ধি DNLAৰ একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ ৷ 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে এই ম্য়াদ ৷ এক বিবৃতিযোগে এই কথা সদৰী কৰিছে ডিমাচা সশস্ত্ৰ সংগঠনটোৱে (DNLA extended unilateral ceasefire) ৷

DNLA unilateral ceasefire
পুনৰ 6 মাহলৈ ডিএনএলএৰ একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি
author img

By

Published : Apr 1, 2023, 8:52 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিল: ডিমাচা সশস্ত্ৰ সংগঠন ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মী চমুকৈ DNLA য়ে পুনৰ 6 মাহলৈ বৃদ্ধি কৰিলে একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ (DNLA extended unilateral ceasefire) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সংবাদমাধ্যমযোগে এক পত্ৰ প্ৰেৰণ কৰি DNLAৰ অধ্যক্ষ জুহথাইয়ে একপক্ষীয় যুদ্ধ বিৰতি 1 এপ্ৰিল 2023ৰ পৰা 30 ছেপ্টেম্বৰ 2023লৈ বৃদ্ধি কৰাৰ কথা সদৰী কৰিছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰি প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে, ‘‘ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে শান্তিপূৰ্ণ পৰিৱেশ, উন্নয়নমূলক আলোচনাৰ আৰু সহ-সম্পৰ্কৰ বাবে যুদ্ধ বিৰতিৰ ম্যাদ পুনৰ 6 মাহলৈ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে ৷ যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰলৈ এই পত্ৰ প্ৰেৰণ কৰা হ’ল ৷’’

ইয়াৰ পূৰ্বে, 2021 চনৰ ছেপ্টেম্বৰ মাহত ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে (Dimasa National Liberation Army) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শান্তিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় 6 মাহৰ বাবে একপক্ষীয় যুদ্ধ বিৰতি (Unilateral Ceasefire) ঘোষণা কৰিছিল ৷ সেই সময়ত সংগঠনটোৰ প্ৰচাৰ সচিব মুংশ্ৰী ৰিংছমাই ডিমাছাই (Mungsri Ringsmai Dimasa) এক প্ৰেছ বাৰ্তাযোগে সদৰী কৰিছিল এই কথা ৷

উল্লেখ্য যে, 2021 চনৰ 26 আগষ্টত ডিমা হাচাও জিলাত 7 খন ট্ৰাকত নিৰ্বিচাৰ গুলীচালনা কৰাৰ লগতে অগ্নি সংযোগ কৰিছিল ৷ এই ঘটনাত 5জন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হৈছিল ৷ এই ঘটনাৰ ঠিক দুসপ্তাহৰ পাচতেই একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে ৷ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত শান্তি আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ কথা উল্লেখ কৰি প্ৰথমবাৰৰ বাবে একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল সংগঠনটোৱে (Dimasa militant outfit) ৷

উল্লেখ্য যে, সশস্ত্ৰ সংগ্ৰামৰ দ্বাৰা ডিমাচা লোকসকলৰ বাবে সাৰ্বভৌমত্বৰ দাবী কৰি 2019 চনৰ এপ্ৰিলত মাহত গৈছিল DNLA ৷ সম্প্ৰতি ডিমা হাচাওৰ লগতে কাৰ্বি আংলং জিলা আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডত সক্ৰিয় হৈ আছে ডিমাচা সশস্ত্ৰ সংগঠনটো (Militant outfit DNLA) ৷

লগতে পঢ়ক: ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হ’ল উত্তৰ প্ৰদেশৰ ট্ৰাক চালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.