ETV Bharat / state

হাফলং অসম ৰাইফলছৰ কেম্পাচত মেগা গছ পুলি ৰোপণ কাৰ্যসূচী - অসম ৰাইফলছ

হাফলঙস্থিত অসম ৰাইফলছৰ (Assam Rifles) কেম্পাচত দেওবাৰে অনুষ্ঠিত কৰা হয় গছ পুলি ৰোপণৰ বিশেষ কাৰ্যসূচী ৷ 2,500 টা বিভিন্ন ধৰণৰ ফলমূল আৰু অন্যান্য গছ পুলি ৰোপণ কৰাত ব্যস্ত হৈ পৰিছে নিৰাপত্তাৰক্ষীসকল ৷

Mega tree plantation programme at Assam Rifles campus At Haflong
হাফলং অসম ৰাইফলছৰ কেম্পাচত মেগা গছ পুলি ৰোপণ কাৰ্যসূচী
author img

By

Published : Jul 25, 2021, 1:28 PM IST

ডিমা হাছাও, 25 জুলাই : হাফলংৰ অসম ৰাইফলছে (Assam Rifles) লৈছে এটা প্ৰশংসনী প্ৰদক্ষেপ ৷ অসম ৰাইফলছ কেম্পাচত পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ কৰা উদ্দেশ্যে এক মেগা গছ পুলি ৰোপনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে নিৰাপত্তাৰক্ষীসকলে । হাফলং চৰকাৰী বাগানস্থিত প্ৰায় 75 হেক্টৰ ভূমিত 11 নং অসম ৰাইফলছৰ আছে এটা বৃহৎ কেম্প।

উল্লেখ্য যে, হাফলঙস্থিত অসম ৰাইফলছৰ কেম্পত 2020 চনৰ জানুৱাৰীৰ পৰা 2 লাখ 50 হাজাৰ গছ পুলি ৰোপণ কৰা হৈছে ৷ ইতিমধ্যে সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে এখন বিশেষ পার্ক । দেওবাৰেও হাফলংৰ অসম ৰাইফলছ কেম্পক সেউজী কৰণৰ বাবে এক মেগা গছ পুলি ৰোপণৰ কাৰ্যসূচী হাতত লয় অসম ৰাইফলছৰ জোৱান সকলে ৷

হাফলং অসম ৰাইফলছৰ কেম্পাচত মেগা গছ পুলি ৰোপণ কাৰ্যসূচী

অসম ৰাইফলছৰ বিষয়া অশোক ভাণ্ডাৰীৰ নেতৃত্বত দেওবাৰে 2,500 টা বিভিন্ন ধৰণৰ ফল-মূল আৰু অন্যান্য গছ পুলি ৰোপণ কৰা হয় ৷ এই গছ পুলি ৰোপণ কাৰ্যসূচীত হাফলং কেন্দ্ৰীয় বিদ্যালয় আৰু হাফলঙৰ ওৰফেন হাউচৰ শিশু সকলেও ভাগ লয়।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়োজিত অসম ৰাইফলছে সেউজ অসম গঢ়াৰ বাবে গছ পুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে । হাফলং অসম ৰাইফলছৰ কেম্পাচত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰো উপস্থিত থাকে এই কাৰ্যসূচীত ৷ তেওঁ কয় যে, হাফলং অসম ৰাইফলছ কেম্পাচত যোৱা দুই তিনি মাহত 2 লাখ 50 হাজাৰ বিভিন্ন ফলমূলৰ গছৰ লগতে অন্যান্য গছ ৰোপণ কৰা হৈছে ৷

তেওঁ জানিবলৈ দিয়া মতে, এতিয়াৰেপৰা সাধাৰণ মানুহৰ বাবেও অসম ৰাইফলছ কেম্পাচৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ বাবে মুকলি কৰি দিয়া হৈছে । অসমৰ লগত সমগ্ৰ উত্তৰ পূৱত অসম ৰাইফলছে সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত এক উল্লেখনীয় অৱদান আগবঢ়াই আহিছে ৷ ইয়াৰ বিপৰীতে অসম ৰাইফলছে সমাজ সেৱাৰ ক্ষেত্ৰতো উত্তৰ পূৱত সমানে সমানে কাম কৰি যোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক-মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.