হাফলং, 16 জুন : ডিমা হাছাও জিলাৰ উমৰাংচোস্থিত খানডং বান্ধৰ 6 খন কৈ গেট খুলি দিলে NEEPCO য়ে । ইয়াৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কপিলী নৈৰ জলস্তৰ বৃদ্ধি পাইছে ৷ ইয়াৰ ফলত নগাঁও জিলাৰ যমুনামুখ, কামপুৰ আৰু তুম্পৰেং অঞ্চলত বানৰ আশংকাই দেখা দিছে ৷
ডিমা হাছাও জিলাৰ অসম মেঘালয় সীমান্তৰ এলেকাত অৱস্থিত খানডং বান্ধ । মেঘালয়ৰ পৰা অহা খাৰগোল নৈ আৰু কপিলী নৈৰ ওপৰত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ এই খানডং বান্ধ । মেঘালয়ৰ খাৰগোল নৈ আৰু কপিলী নৈত বিগত কেইদিন মানৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ কাৰণে জলস্তৰ বৃদ্ধি হোৱাৰ বাবে খানডং বান্ধৰ ওপৰত ভাবুকি আহিব পাৰে বুলি NEEPCO য়ে খানডং বান্ধৰ 6 খনকৈ গেট খুলি দিয়ে । 2022 চনত মেঘালয়ৰ খাৰগোল নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে খানডং বান্ধত জলবিস্ফোৰণ হৈ দুৰ্ঘটনা সংঘটিত হৈছিল । যাৰবাবে এই কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ব্যাপক ক্ষতি হৈছিল ।
উল্লেখ্য যে এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা 75 মেগাৱাট বিদ্যুৎ উৎপাদন হয় । কিন্তু যোৱা বছৰত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিচতে এতিয়া এই কপিলী জলবিদ্যুৎ প্ৰকল্পৰ মেৰামতিৰ কাম চলি থকাৰ বাবে বিদ্যুত উৎপাদন বন্ধ হৈ আছে । কিন্তু মেঘালয়ৰ খাৰগোল নৈ আৰু কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে যাতে এই খানডং বান্ধত কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি নহয় তাৰবাবে NEEPCO কৰ্তৃপক্ষই খানডং বান্ধৰ 6 খনকৈ গেট খুলি দিছে । ইয়াৰ ফলত কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলতে নামনি অসমৰ অঞ্চলসমূহ বানৰ কৱলত পৰিব পাৰে । যাৰবাবে নৈ-পৰীয়া অঞ্চলসমূহৰ ৰাইজক সতৰ্ক কৰি দিছে ডিমা হাছাও জিলা প্ৰশাসন আৰু নিপকো কৰ্তৃপক্ষই ।
লগতে পঢ়ক : Road accident: মৰণফান্দলৈ পৰিণত ৰাজপথৰ গাঁত, অকাল মৃত্যুক সাৱটিলে প্ৰাঞ্জলে