ETV Bharat / state

চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণৰ কাম সম্পন্নৰ দাবী ইণ্ডিজিনাচ ষ্টুডেণ্টছ ফ’ৰামৰ - মণিপুৰ

বছৰৰ পাছত বছৰ পাৰ হোৱা স্বত্বেও আজিলৈকে শেষ নহ'ল শিলচৰৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণৰ কাম ৷ উক্ত পথটো নিৰ্মাণৰ বাবে শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াসকলক দাবী জনাইছে ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ সদস্যসকলে ৷

Indigenous Students Forum demands completion of construction of fourland roads
শিলচৰৰ চাৰিলেণ্ড যুক্ত পথৰ নিৰ্মাণৰ কাম শেষ কৰাৰ দাবী ইণ্ডিজিনাচ ষ্টুডেন্টচ ফৰামৰ
author img

By

Published : Jul 11, 2021, 1:40 PM IST

ডিমা হাছাও, 11 জুলাই : শিলচৰৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামৰ সন্দৰ্ভত গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যালয়ত শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়া আৰু ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকখনত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক বিষয়া (RO) আলোক কুমাৰ আৰু ইণ্ডিজিনাচ ষ্টুডেণ্টছ ফ’ৰামৰ সভাপতি ডেভিড কেভমৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠকখন ৷ সুদীর্ঘ 20 বছৰৰ বেছি সময় ধৰি চলি থকা শিলচৰ ইষ্ট-ৱেষ্ট কৰিডৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম আজিলৈকে শেষ হোৱা নাই ।

ডিমা হাছাও জিলাত এই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো এটা অন্যতম পথ । কিন্তু বছৰৰ পাছত বছৰ অতিক্ৰম হৈছে যদিও আজিলৈকে সম্পূৰ্ণ নোহোৱাত ক্ষুব্ধ হৈ পৰে বিভিন্ন দল-সংগঠন ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ইণ্ডিজিনাচ ষ্টুডেণ্টছ ফ’ৰামৰ সভাপতি ডেভিড কেভমে শুকুৰবাৰে গুৱাহাটীত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াৰ সৈতে এক আলোচনা মিলিত হয় ৷

Indigenous Students Forum demands completion of construction of fourland roads
চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণৰ কাম সম্পন্নৰ দাবী ইণ্ডিজিনাচ ষ্টুডেণ্টছ ফ’ৰামৰ

উক্ত বৈঠকখনত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নৃৰিম বাংলোৰ পৰা মাহুৰ ৰে'ল ষ্টেচনৰ দলঙলৈকে অনতিপলমে ব্লেক ট্ৰেপিঙৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷ মাহুৰ-জাতিংগা আৰু জাতিংগা-মিয়াংক্ৰ পথলৈকে শীঘ্ৰে মেৰামতি কৰি দিবলৈ আহ্বান জনায় । বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ বাবে অতি গুৰুত্বপূৰ্ণ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ ওচৰতে থকা এন লেইকুলৰ এছ টাৰ্ণিং (S Curve)-ৰ কাম অনতিপলমে আৰম্ভ কৰাৰ দাবী জনায় ৷

লগতে মিয়াংক্ৰৰ পৰা হাৰেংগাজাওলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ ব্লেক ট্ৰেপিঙৰ কাম আৰম্ভ কৰাৰ দাবী জনায় । 27 ৰাষ্ট্ৰীয় ঘাইপথৰ নৃৰিম বাংলোৰ পৰা জাতিংগালৈকে 24 কোটি আৰু জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি টকা ধন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আৱণ্টন দিছিল ৷ কিন্তু কোটি কোটি টকা আৱণ্টন লাভ কৰিও এতিয়ালৈকে ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত ক্ষুব্ধ হৈছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন ।

লগতে পঢ়ক- ক'ভিড বিধি উলংঘন: দেশত তৃতীয় ঢৌৰ বাবে দায়ী হ'ব সাধাৰণ নাগৰিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.