ETV Bharat / state

ডিমা হাছাওত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা 3 জনলৈ বৃদ্ধি - ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱা

ডিমা হাছাও জিলাত মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 465 গৰাকী আৰু মৃত্যু হোৱা ৰেগীৰ সংখ্যা 3গৰাকীলৈ বৃদ্ধি ৷

ডিমা হাছাওত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা 3জনলৈ বৃদ্ধি

author img

By

Published : May 16, 2021, 9:42 PM IST

ডিমা হাছাও,16 মে’: প্ৰতি মূহূৰ্ততে বৃদ্ধি পাইছে কাল কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ আনকি ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও ৷ ডিমা হাছাও জিলাৰ এগৰাকী ক’ভিড ৰোগীৰ শনিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ ইয়াকে লৈ ক’ভিডত আক্ৰান্ত হৈ ডিমা হাছাওত মৃত্যু হৈছে মুঠ তিনি গৰাকী ক’ভিড ৰোগীৰ ।

জানিব পৰা মতে, হাফলং চৰকাৰী বাগান এলেকাৰ বাসিন্দা মৃত বাণীকান্ত ভট্টাচাৰ্য কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হয় ৷ তাৰ পিছতে ব্যক্তি গৰাকীক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ হয় যদিও ৰোগী গৰাকীৰ অৱস্থা জটিল হৈ পৰাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসালয়ত প্ৰেৰণ কৰে ৷

ডিমা হাছাওত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা 3জনলৈ বৃদ্ধি

কিন্তু ইয়াৰ পাচতো সুষ্ঠ হৈ নুঠিল ক’ভিড ৰোগী গৰাকী আৰু আৱশেষত শনিবাৰে নিশা মৃত্যু ঘটে বাণীকান্ত ভট্টাচাৰ্যৰ । ইপিনে শনিবাৰ দিনটোত ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে 39 গৰাকী ব্যক্তি ৷ ইয়াৰ মাজতে 9 গৰাকী অসম আৰক্ষীৰ লোক বুলি জানিব পৰা গৈছে ।

বৰ্তমানে পাহাৰীয়া জিলা খনত ক’ভিডৰ গণ সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ । জিলা খনত বৰ্তমানলৈকে মুঠ 465 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে । ইপিনে দেওবাৰৰ পৰা হাফলংত 11 বজাৰ পৰা বজাৰ দোকান পোহৰ সকলো বন্ধ হৈ পৰে আৰু 12 বজাৰ পৰা জিলা খনত সান্ধ্য আইন বলবৎ কৰা হৈছে আৰু এই সময়চোৱাত আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হৈছে ।

সান্ধ্য আইন অমান্য কৰা লোক সকলৰ বিৰুদ্ধে দেওবাৰে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত গৈছে । ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাই নিজেই পথত নামি সকলো ধৰণৰ ব্যৱস্থা পৰ্যালোচনা কৰে ।

অন্যহাতে, ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই সাংবাদিকৰ আগতে কয় যে, এই সান্ধ্য আইনৰ সময়চোৱাত যাতে ৰোগী সকলৰ বাবে যাতে ঔষধৰ সমস্যা নহয় ইয়াৰ ওপৰত দৃষ্টি ৰাখিব আৰক্ষীয়ে । কিন্তু কোনো লোকে সান্ধ্য আইন উলংঘা কৰিলে লোৱা হ’ব আইনী ব্যৱস্থা আৰু এই ক্ষেত্ৰত আৰক্ষী কঠোৰ হ’ব ।

লগতে তেওঁ কয় যে, জিলা যুগ্ম আৰু অযুগ্ম নম্বৰৰ বাহন চলাচলৰ ক্ষেত্ৰত যি নিৰ্দেশ দিয়া হৈছে, সেয়া সকলোৱে মানি চলিব লাগিব নহ’লে লোৱা হ’ব আইনী ব্যৱস্থা । যাৰ বাবে জিলাৰ সকলো ৰাইজক চৰকাৰী নীতি নিৰ্দেশনা মানি চলি আৰক্ষীক সহযোগিতা কৰাৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই জিলাৰ সকলো ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক: শিৱসাগৰৰ আমগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰক ক’ভিড চিকিৎসালয় ঘোষণা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.