ETV Bharat / state

Dima Hasao : জাতিংগা জলপ্ৰপাতত পার্ক-দলং উদ্বোধন

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 10:06 PM IST

ডিমা হাছাও জিলাক পৰ্যটকৰ আকৰ্ষণৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বৃহৎ পদক্ষেপ ৷ শনিবাৰে জাতিংগা জলপ্ৰপাতত এখন পার্ক আৰু দলং উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ৷

Dima Hasao
জাতিংগা জলপ্ৰপাতত পার্ক দলঙৰ উদ্বোধন

জাতিংগা জলপ্ৰপাতত পার্ক দলঙৰ উদ্বোধন

হাফলং, 21 অক্টোবৰ: অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ মনোমোহা দৃশ্যই সদায় দেশ-বিদেশৰ পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাছাও জিলাৰ এক অতি আকৰ্ষণীয় পৰ্যটনৰ কেন্দ্ৰস্থল হৈছে জাতিংগা ।

শনিবাৰে জাতিংগা জলপ্ৰপাতত এখন পার্ক আৰু দলঙৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই । হাফলঙৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগত থকা জাতিংগা জলপ্ৰপাত অৱস্থিত হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতেই ।

এই জলপ্ৰপাততে পৰ্যটকসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছে এখন পার্ক আৰু দলং । আজি এই দলং আৰু পার্কৰ উদ্বোধন কৰি দেবলাল গাৰ্লোচাই কয়, ‘‘ডিমা হাছাও জিলাৰ পৰ্যটনৰ দিশটোক উন্নত কৰাৰ ক্ষেত্ৰত উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদে ব্যাপক পদক্ষেপ লৈছে । মনোমোহা জাতিংগা জলপ্ৰপাতত নিৰ্মাণ কৰা পার্ক আৰু দলঙৰ বাবে পৰ্যটকসকলে অধিক আনন্দ উপভোগ কৰিব পাৰিব ।’’

আনহাতে ইয়ালৈ অহা পৰ্যটকসকলক জাতিংগা জলপ্ৰপাত পৰিষ্কাৰ-পৰিচ্ছিন্ন বৰ্তাই ৰখাৰ বাবে আহ্বান জনায় মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে । তেওঁ কয়, ‘‘ নিজৰে সম্পত্তি, নিজৰে ঠাই বুলি পৰিষ্কাৰ প্ৰতি পৰ্যটকসকলে গুৰুত্ব দিয়ে যেন ৷ কেৱল ইয়াতে নহয় আমাৰ জিলাখনৰ বিভিন্ন স্থানত থকা পৰ্যটনস্থলী সমূহক অধিক আকৰ্ষণীয় কৰাৰ বাবে আমি ব্যৱস্থা লম ৷’’ এই মন্তব্য উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গাৰ্লোচাৰ ৷

আজিৰ অনুষ্ঠানত উপস্থিত আছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য আমেন্দু হোজাই, প্ৰজিত হোজাই আৰু পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু ।

লগতে পঢ়ক:Protest at Jatinga : ক্ষতিপূৰণৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.