ডিমা হাছাও, ১৯ জুন: হাফলং নগৰ সমিতিৰ নাম সলনি কৰি অৱশেষত পৌৰ বোৰ্ড কৰা হ'ল । এতিয়াৰ পৰা হাফলং নগৰ সমিতিৰ নতুন নাম কৰণ কৰি হাফলং পৌৰ বোৰ্ড কৰা হৈছে । ২০১৮ চনৰ ১১ অক্টোবৰ ইডিডি (বি)/৩৬১২০১৭/৩এ নম্বৰৰ চৰকাৰী নিৰ্দেশ মৰ্মে আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ এনসি এইচ এচি/জিএডি/টিসি/২ (পিটি-১১) ২০১৮-১৯ নম্বৰ ৩ জুন ২০১৯-ৰ অনুমোদন ক্ৰমে হাফলং নগৰ সমিতিৰ টি টি দাওলাগাপোই এক বিগপ্তি জাৰি কৰে । ইতিমধ্যে হাফলং পৌৰ বোৰ্ডৰ অধীনত ৱাৰ্ড গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে । হাফলং চহৰক ১৩ টো ৱাৰ্ডত ভাগ কৰা হৈছে । এতিয়াৰ পৰা ৱাৰ্ড কমিচনাৰৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছত পৌৰবোৰ্ড গঠন কৰা হ'ব ।
এতিয়াৰে পৰা 'হাফলং নগৰ সমিতি'ৰ নতুন পৰিচয় 'হাফলং পৌৰ বোৰ্ড' - ডিমা হাছাও
হাফলং নগৰ সমিতিৰ নাম সলনি হৈ হাফলং পৌৰবোৰ্ড হোৱাৰ পিছত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমত পৌৰবোৰ্ড গঠন হ'ব ৷ ইতিমধ্যে নতুনকৈ হাফলং পৌৰবোৰ্ডৰ ভৱন নিৰ্মাণৰ কাম চলিছে ।