ETV Bharat / state

DHD ৰ প্ৰাক্তন কেডাৰৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jul 27, 2021, 7:35 PM IST

সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া ডিমা হাছাও ভ্ৰমণৰ উদ্দেশ্যে হাফলঙত উপস্থিত হয় ৷ ইয়াৰ পাছতে নিশা ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন কেডাৰেৰে এখন আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

former-dhd-cafres-meet-assam-chief-minister-over-border-dispute
ডিএইচডিৰ প্ৰাক্তন কেডাৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিমা হাছাও, 27 জুলাই : অসম-মিজোৰাম আৰু অসম-নাগালেণ্ড সীমান্তক লৈ যি বিবাদ চলি আছে, এই সীমা বিবাদৰ অনতিপলমে সমস্যা সমাধানৰ দাবী জনাইছে বহু বিভক্ত হোৱা উগ্ৰপন্থী সংগঠন ডিএইচডিয়ে ৷ সোমবাৰে নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত হাফলং আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এখন বৈঠকত এই দাবী জনাই ডিএইচডিৰ প্ৰাক্তন উগ্ৰপন্থী নেতাসকলে ৷ লগতে সীমা বিবাদৰ সমস্যা অনতিপলমে সমাধানৰ দাবী জনায় প্ৰাক্তন উগ্ৰপন্থী নেতা প্ৰণৱ নুনিচাই ৷ প্ৰাক্তন উগ্ৰপন্থী নেতা গৰাকীয়ে বৈঠকত প্ৰকাশ কৰে যে, অসম-মিজোৰাম আৰু অসম-নাগালেণ্ড সীমান্তত যি ধৰণেৰে অসমৰ ভূমি বেদখল হৈছে, ইয়াৰ ফলত এই সীমান্ত এলেকাত থকা মানুহৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে তেওঁলোকে অৰ্থনৈতিক সমস্যাত ভূগিবলগা হৈছে ৷

ইপিনে ডিএইচডি উগ্ৰপন্থীৰ প্ৰাক্তন নেতা আৰু সদস্যসকলৰ লগত বৈঠক শেষ হোৱাৰ পিছত ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচাই চৰকাৰৰ কিছু কাম-কাজক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত ডিএইচডি উগ্ৰপন্থী সংগঠনৰ শান্তি চুক্তি হোৱাৰ পিচতো এতিয়ালৈকে শান্তি চুক্তিৰ বহু ধাৰাৰ সফল ৰূপায়ণ হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন উগ্ৰপন্থী নেতাগৰাকীয়ে ৷ লগতে ডিএইচডিৰ এক হাজাৰ সদস্যক পুনৰ সংস্থাপন দি আৰক্ষী বিভাগত নিয়োগ কৰাৰ দাবী উত্থাপন কৰে দিলীপ নুনিচাই ৷ আনহাতে অসমৰ বিভিন্ন ডিমাচা অধ্যুষিত অঞ্চলসমূহৰ বিদ্যালয়সমূহত ডিমাচা ভাষাৰ পাঠ্যপুথি আৰু ডিমাচা ভাষাৰ শিক্ষক নিয়োগ কৰাৰ দাবী উত্থাপন কৰে প্ৰাক্তন উগ্ৰপন্থী নেতাগৰাকীয়ে ৷

ইয়াৰ উপৰি উক্ত বৈঠকত কাৰাগাৰত বন্দী হৈ থকা প্ৰাক্তন উগ্ৰপন্থী নেতা জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাই আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী মোহিত হোজাইক মুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন নেতাসকলে ৷

লগতে ডিএইচডি উগ্ৰপন্থী সংগঠনৰ নেতাসকলৰ লগত শান্তি চুক্তিৰ সকলো ধাৰাৰ সফল ৰূপায়ণৰ দাবী জনাই উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন নেতাসকলে ৷ উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া ডিমা হাছাও জিলা ভ্ৰমণৰ উদ্দেশ্যে হাফলঙত উপস্থিত হয় ৷ ইয়াৰ কিছু সময়ৰ পাছতে অসম-মিজোৰাম সীমান্তস্থিত কাছাৰ জিলাৰ লাইলাপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীয়াগুলিত অসম আৰক্ষীৰ 5 জনকৈ জোৱান আৰু এজন সাধাৰণ লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয় ৷ ইয়াৰ মাজতেই সোমবাৰ নিশা ডিএইচডি উগ্ৰপন্থী নেতাসকলৰ লগতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়কঃ বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.