ডিমা হাছাও, 9 এপ্ৰিল : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান (Operation against drugs) অব্যাহত থকাৰ সময়তে ডিমা হাছাও আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ শুকুৰবাৰে জিলাখনৰ এক অভিযানত বিভিন্ন ঠাইৰ পৰা ড্ৰাগছসহ 5 জন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।
জানিব পৰা মতে, আৰক্ষীৰ দলটোৱে জিলাখনৰ সদৰ হাফলঙৰ লগতে হাফলং থানাৰ অন্তৰ্গত দিবৰাই গাঁও জাতিংগা নৰ্থ বাঘেটাৰ পৰা আটক কৰে এই 5 যুৱকক (Drugs peddlers arrested with drugs) ৷ আটকাধীন 5 যুৱকক ক্ৰমে মাৰ্চিয়েল সূচিয়াং(21), ৰাহুল সূচিয়াং(20), বিশাল দে’ (22), কলীয়ানমৌয়ান লিয়েনথাং(24) আৰু থাইৰিংদাও নাইডিং(19) বুলি চিনাক্ত কৰা হৈছে ৷
গ্ৰেপ্তাৰ হোৱা 5 জনকৈ যুৱকৰ পৰা 80 গ্ৰাম হেৰ’ইন জব্দ কৰে হাফলং আৰক্ষীৰ দলটোৱে ।
ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে সদৰি কৰা অনুসৰি, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে বিয়লি প্ৰায় 6 বজাৰ পৰা আৰক্ষী পৰিদৰ্শক লখিন্দৰ শইকীয়াৰ নেতৃত্বাধীন এটা দলে এই অভিযান চলায় ৷ শুকুৰবাৰে পুৱা প্ৰায় 5 বজাত এই অভিযানৰ অন্ত পৰে ৷ তাৰ পিচতে হাফলঙৰ বিভিন্ন ঠাইৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে 5 জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
আটকাধীন 5 যুৱকৰ পৰা 181 টা কণ্টেইনাৰত 80 গ্ৰামকৈ হেৰ’ইন জব্দ কৰাৰ লগতে 250 টা খালী কণ্টেইনাৰ (Vial) জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ইতিমধ্যে আটকাধীন যুৱক কেইজনৰ বিৰুদ্ধে হাফলং থানাত 24/2022 21B/29 NDPS আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰা হৈছে তদন্ত ।
লগতে পঢ়ক : মৰিগাঁৱৰ দুই পৃথক স্থানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক