ETV Bharat / state

21 নৱেম্বৰৰ পৰা উমৰাংচুত দুদিনীয়াকৈ ফেলকণ উৎসৱ - ফেলকণ উৎসৱ

‘উদ্যোগ নগৰী’ উমৰাংচুত আগন্তুক 21 নৱেম্বৰ আৰু 22 নৱেম্বৰত দুদিনকৈ অনুষ্ঠিত হ’ব ফেলকণ উৎসৱ । উৎসৱক লৈ গাঁওখনত ব্যাপক প্ৰস্তুতি আৰম্ভ ৷

falcon festival
ফেলকণ উৎসৱ
author img

By

Published : Nov 11, 2020, 9:03 PM IST

ডিমা হাছাও,11 নৱেম্বৰ : ডিমা হাছাও জিলাৰ ‘উদ্যোগ নগৰী’ হিচাপে পৰিচিত উমৰাংচুত আগন্তুক 21 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ‘ফেলকণ উৎসৱ’ । প্ৰতিবছৰে নৱেম্বৰ মাহত ফেলকণ উৎসৱৰ আয়োজন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ।

যিহেতু অক্টোবৰৰ পৰা উমৰাংচুত চাইবেৰীয়া,দক্ষিণ আফ্ৰিকা আৰু চীনৰ পৰা পৰিব্ৰাজক আমোৰ ফেলকণ চৰাই অহা আৰম্ভ হয়,যাৰ বাবে এই সময়ছোৱাত আয়োজন কৰা হয় ফেলকণ উৎসৱ ।

ফেলকণ উৎসৱ

অসমৰ অন্যতম পাহৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচু এতিয়া দেশ-বিদেশৰ পৰ্যটকৰ বাবে এক পৰিচিত নাম । উমৰাংচুত ফেলকণ চৰাইৰ আগমনৰ লগতে পৰ্যটকসকলৰো আগমণ ঘটা পৰিলক্ষিত হৈছে ৷ পাণিমুৰ জলপ্ৰপাত,কপিলী হ্ৰদ আৰু গলফ্ কোৰ্চৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবে আগমণ ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ ৷

21 আৰু 22 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ফেলকণ উৎসৱ । প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ উমৰাংচুৰ নিউ টিংবুংগাঁৱৰ গলফ্ কোৰ্চত অনুষ্ঠিত হ’ব এই ফেলকণ উৎসৱ ৷ উৎসৱক লৈ গাঁওখনত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি ৷

লগতে পঢ়ক : বাক্সাত বিটিআৰ চুক্তিৰ বিৰোধিতাৰে গণ সুৰক্ষা পাৰ্টিৰ চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.