ETV Bharat / state

অসম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধৰ দাবী ডিমাছা ছাত্ৰ সংগঠনৰ - Covid cases increasing in Assam

ডিমা হাছাও জিলাত অসম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধৰ দাবী বিভিন্ন ছাত্ৰ সংগঠনৰ । ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবেই এই দাবী ছাত্ৰ সংগঠন কেইটাৰ ৷

due to covid infection organization in dima hasao urge to stop requirement in Assam Rifles
ডিমা হাচাওত বিভিন্ন ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন
author img

By

Published : Jan 16, 2022, 8:28 AM IST

ডিমা হাছাও, 16 জানুৱাৰী : সমগ্ৰ দেশ তথা ৰাজ্যতে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিডৰ সংক্ৰমণ (Covid cases increasing in Assam)৷ সমান্তৰালকৈ ডিমা হাছাও জিলাতো ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে বিভিন্ন সচেতন মহল ৷ ডিমা হাছাও জিলাৰ সদৰ হাফলঙত কিছু দিনৰ পৰা অসম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে(Assam Rifles' recruitments in Dima Hasao) । ক’ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অসম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনাইছে জিলাখনৰ বিভিন্ন ছাত্ৰ সংগঠনে ।

শনিবাৰে ডিমাছা ছাত্ৰ সন্থা, সদৌ ডিমাছা ছাত্ৰ সন্থা, মাৰ ছাত্ৰ সন্থা আৰু ৰাংখল ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা এক যৌথ সংবাদমেলযোগে হাফলঙত অসম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনায় । সংবাদমেল সম্বোধন কৰি ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে কয় যে ,ভাৰতৰ লগতে অসমতো ক'ভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈছে । কিন্তু হাফলঙত অসম ৰাইফলছৰ নিযুক্তিৰ বাবে বিভিন্ন বহিঃৰাজ্যৰ পৰা ইয়াত বহু লোক আহিবলৈ ধৰিছে আৰু এই লোকসকল এতিয়া ক'ভিড-19ত আক্ৰান্ত হোৱাত ডিমা হাছাও জিলাত ক'ভিডৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি হৈছে ।

ডিমা হাচাওত বিভিন্ন ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন

বহিঃৰাজ্যৰ পৰা অহা এই লোক সকল ক'ভিড কেয়াৰ চেণ্টাৰ আৰু ক'ভিড পৰীক্ষা কেন্দ্ৰৰ পৰা পলায়ন কৰা পৰিলক্ষিত হৈছে যাৰ বাবে এতিয়া ডিমা হাছাও জিলাত ক'ভিড সংক্ৰমণ বৃদ্ধি পাইছে৷ যাৰ বাবে অসম ৰাইফলছৰ এই নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

উল্লেখযোগ্য যে, ক'ভিডৰ তৃতীয় ঢৌত ডিমা হাছাও জিলাত এই পৰ্যন্ত মুঠ 279 গৰাকী লোক ক'ভিড-19ত আক্ৰান্ত হৈছে । স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে, বিগত 6 দিনত ডিমা হাছাও জিলাত 210 গৰাকী লোক ক'ভিড-19ত আক্ৰান্ত হৈছে (Dima Hasao people suffering from covid-19) । শুকুৰবাৰৰ দিনটোত ডিমা হাছাও জিলাত আক্ৰান্তৰ সংখ্যা 67 গৰাকী আৰু মহাৰাষ্ট্ৰ পৰা অসম ৰাইফলছৰ নিযুক্তিৰ বাবে অহা 45 গৰাকী যুৱক ক'ভিডত আক্ৰান্ত হৈছে ৷

শনিবাৰে ডিমা হাছাও জিলাত নতুনকৈ বহু লোক আক্ৰান্ত(Covid infacted people of Dima Hasao) হোৱাৰ তথ্য পোহৰলৈ আহে ৷ কিন্তু কিমান সংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে শনিবাৰে সেয়া জানিব পৰা হোৱা নাই । বৰ্তমানে হাফলং অসামৰিক চিকিৎসালয়ৰ 105 গৰাকী ৰোগীৰ চিকিৎসা চলি থকাৰ লগতে 87 গৰাকী লোক সম্প্ৰতি হোম আইচলেচনত ৰখা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Assam Rifles ৰ অভিযানত তিনিজন NSCN কেডাৰ নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.