ETV Bharat / state

Dima Hasao drugs news: ডিমা হাছাও জিলাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Apr 12, 2023, 6:00 PM IST

Updated : Apr 12, 2023, 8:19 PM IST

বিগত কিছু সময়ত ডিমা হাছাওত প্ৰায় প্ৰত্যেক দিনাই আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ ড্ৰাগছ বিৰোধী অসম অভিযানৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে দিনে-নিশাই চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান ৷ এই অভিযানৰ আলমতেই শেহতীয়াকৈ ডিমা হাছাওত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰী (Dima Hasao drugs news) ৷

drugs peddler arrested in dima hasao
ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

হাফলং, 12 এপ্ৰিল: সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ শাসনলৈ আহিয়েই হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে যি হুংকাৰ দিছিল সেই ক্ষেত্ৰত চাবলৈ গ’লে বহু পৰিমাণে সফল হৈছে অসম আৰক্ষী ৷ কিন্তু ইমানকৈ অভিযান চলাই থকাৰ পিছতো থমকি ৰোৱা নাই ড্ৰাগছৰ ব্যৱসায় ৷ শেহতীয়াকৈ ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় প্ৰতিদিনেই আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰী (Drugs racket in Assam) ৷

ডিমা হাছাওত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুঁজ অব্যাহত আছে । অসমৰ অন্যতম পাহাৰীয়া জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে আৰক্ষীয়ে দিনে-নিশাই চলাইছে অভিযান । প্ৰায় প্ৰতিদিনেই পাহাৰীয়া জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী । মঙলবাৰে হাফলঙৰ পৰা ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Drugs peddler arrested in Dima Hasao) ৷

ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰতিদিনেই অভিযান অব্যাহত ৰখাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশলেৰে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে । অসমৰ অন্যতম পাহাৰীয়া জিলাখন এতিয়া ড্ৰাগছৰ স্বৰ্গৰাজ্য হৈ পৰিছে । শিলচৰ বদৰপুৰ আদি স্থানৰ পৰা ডিমা হাছাও জিলালৈ ড্ৰাগছৰ সৰবৰাহ এতিয়াও চলাই আছে সৰবৰাহকাৰীয়ে । যোৱা 3 এপ্ৰিলত শিলচৰ-হাফলঙৰ মাজত চলাচল কৰা এখন ক্ৰুইজাৰৰ পৰা হেৰ’ইন জব্দ কৰাৰ লগতে এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল হাফলং আৰক্ষীয়ে (Drugs peddler) ।

মঙলবাৰে হাফলং বাছ কাউণ্টাৰৰ পৰা Tramadol Hydrochloride Tablets সহ এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ডিএছপি বৰকৰি টেৰনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছ সহ নজিৰ হুছেইন লস্কৰ নামৰ এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা 40 ষ্ট্ৰীপ 960 টা Tramadol Hydrochloride Tablates জব্দ কৰে আৰক্ষীয়ে ।

যোৱা 3 এপ্ৰিলত হাফলং বাছ কাউণ্টাৰৰ পৰা শিলচৰ-হাফলঙৰ মাজত চলা ক্ৰুইজাৰ বাহনৰ পৰা হেৰ’ইন জব্দ কৰাৰ লগতে যিজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সেই সৰবৰাহকাৰীৰ ম’বাইল ফোনৰ জৰিয়তে ফোন কৰি মাতি আনি মঙলবাৰে হাফলং বাছ কাউণ্টাৰৰ ওচৰত অভিযান চলাই ড্ৰাগছ সহ নজিৰ হুছেইন লস্কৰ নামৰ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত নজিৰ হুছেইন লস্কৰে জানিবলৈ দিয়ে তেওঁ শিলচৰৰ পৰা লৈ আনিছিল এই ড্ৰাগছ সমূহ । বৰ্তমানে হাফলং আৰক্ষীৰ জিম্মাত আছে নজিৰ হুছেইন লস্কৰ (Dima Hasao drugs news) ।

লগতে পঢ়ক : Buffalo syndicate in Assam: ৰাজ্যত অব্যাহত পশুধনৰ চোৰাং বেহা; ৰে'লৰ দবাত উদ্ধাৰ ম'হ

Last Updated : Apr 12, 2023, 8:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.