ETV Bharat / state

ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মীৰ 36 ঘণ্টীয়া বন্ধত অচল ডিমা হাছাও

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পৃথক হিড়িম্বা ৰাজ্যৰ দাবীত ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী চুমুকৈ ডিএনএলএ (DNLA)ৰ 36 ঘন্টীয়া বন্ধৰ আহ্বান ৷ ফলস্বৰূপে শনিবাৰে স্তব্ধ হৈ পৰিল ডিমা হাছাওবাসীৰ স্বাভাৱিক জীৱন যাত্ৰা ৷

dnla-calls-36-hour-bandh-in-6-district-of-assam
ডিমাচা নেচনেল লিবাৰেছ আৰ্মিৰ 36 ঘণ্টীয়া বন্ধত অচল ডিমা হাছাও
author img

By

Published : Aug 14, 2021, 10:22 PM IST

ডিমা হাছাও, 14 আগষ্ট : পৃথক হিড়িম্বা ৰাজ্যৰ দাবীত উত্তৰ পূৱৰ উগ্ৰপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী চুমুকৈ ডিএনএল (DNLA)ই ঘোষণা কৰা 36 ঘণ্টাৰ বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হ'ল ডিমা হাছাও জিলাত ৷ সংগঠনটোৰ আহ্বানত শনিবাৰে সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিল ডিমা হাছাও জিলা ৷ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠটোৱে শনিবাৰৰ পুৱা 5 টা বজাৰ পৰা অসমত এই বন্ধৰ আহ্বান কৰিছিল ৷

উল্লেখ্য যে, উগ্ৰপন্থী সংগঠনটোৱে অসমৰ হোজাই, কাৰ্বি-আংলং, ডিমা হাছাও, আৰু বৰাক উপত্যকাৰ তিনি খন জিলা ক্ৰমে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত বন্ধৰ আহ্বান জনাইছিল ৷ কিন্তু ইয়াৰ একমাত্ৰ ডিমা হাছাও জিলাৰ বাহিৰে বাকী 5 খন জিলাত বন্ধৰ কোনো প্ৰভাৱ পৰা দেখা নগ'ল ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ বাহিৰে হোজাই, কাৰ্বি-আংলং, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত জনজীৱন সম্পূৰ্ণৰূপে স্বাভাৱিক দেখা গ'ল ৷

লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ প্ৰাকখনত এন ডি আৰ এফৰ ৰাষ্ট্রীয় অভিবাদন

মন কৰিবলগীয়া যে, এইবাৰ উত্তৰ-পূৱৰ অন্যান্য উগ্ৰপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান নকৰিলেও একমাত্ৰ ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠনটোৱে স্বাধীনতা দিৱস বৰ্জন কৰি এই 36 ঘন্টীয়া বন্ধৰ আহ্বান কৰিছে ৷ পৃথক হিড়িম্বা ৰাজ্যৰ দাবীত এই বন্ধৰ আহ্বান কৰিছে উগ্ৰপন্থী সংগঠনটোৱে ৷

উল্লেখযোগ্য যে, 2009 চনৰ 2 অক্টোবৰত ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনে অস্ত্ৰ এৰি জাতীয় জীৱনৰ মূলসুঁতিলৈ ঘূৰি অহাৰ পিচতে ডিমা হাছাও জিলালৈ শান্তি ঘূৰি আহিছিল ৷ সম্প্ৰতি নতুন কৈ ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠনটো সক্ৰিয় হৈ উঠাৰ বাবে অসমৰ এই পাহাৰীয়া জিলাত আকৌ এবাৰ শান্তি বিনষ্ট হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

লগতে পঢ়কঃ মৰণোত্তৰভাৱে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.