ডিমা হাছাও, 9 মে: দেওবাৰে ডিমা হাছাও জিলাত 7 গৰাকী ব্যক্তি নতুন কৈ ক’ৰণাত আক্ৰান্ত হৈছে ৷ তাৰ বিপৰীতে জিলাখনত দেওবাৰৰ দিনটোতে 11 গৰাকী ক’ভিড-19ত আক্ৰান্তই আৰোগ্য লাভ কৰিছে ৷ উল্লেখযোগ্য যে, বিগত এক সপ্তাহৰ ভিতৰত দেওবাৰৰ দিনটোত ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমানে হ্ৰাস পাইছে পাহাৰীয়া জিলা খনত । মনকৰিবলগীয়া যে, ডিমা হাছাওত এতিয়া লৈকে ক’ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 295 গৰাকী লৈ বৃদ্ধি পাইছে । তাৰে 115 গৰাকী ক’ভিড-19ত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ।
উল্লেখযোগ্য যে, ডিমা হাছাওত ক’ভিড-19ত আক্ৰান্ত 295 গৰাকী ৰোগীৰ ভিতৰত জিলা খনৰ বিভিন্ন চিকিৎসালয়ত 39 গৰাকী ৰোগীৰ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 137 গৰাকী হ’ম আইছেলেচনত আছে ৷ তাৰে 3 গৰাকী ক’ভিড-19 আক্ৰান্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মাই