ETV Bharat / state

হাফলংত সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং প্ৰতিযোগিতা - হাফলংত

হাফলংত অনুষ্ঠিত হৈছে 48 সংখ্যক আন্তঃজিলা ওয়েট লিফটিং প্ৰতিযোগিতাৰ । ৰাজ্যৰ 30 খন জিলাৰ 270 গৰাকী ওয়েট লিফটাৰে ভাগ লয় প্ৰতিযোগিতাত ।

হাফলংত সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং প্ৰতিযোগিতা

author img

By

Published : Dec 29, 2020, 9:15 PM IST

ডিমা হাছাও 29 ডিচেম্বৰ : হাফলংত অনুষ্ঠিত হৈছে 48 সংখ্যক আন্তঃজিলা ওয়েট লিফটিং প্ৰতিযোগিতাৰ । ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশ লোৱা এই প্ৰতিযোগিতাৰ মঙলবাৰে অন্ত পৰে । অসম ওয়েট লিফটিং এছোচিয়েচনৰ সহযোগত আৰু হাফলং বডী বিল্ডিং ওয়েট লিফটিং ক্লাৱৰ উদ্যোগত হাফলং পুথি ভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাৰ ।

ৰাজ্যৰ 30 খন জিলাৰ 270 গৰাকী ওয়েট লিফটাৰে ভাগ লয় প্ৰতিযোগিতাত । প্ৰতিযোগিতাখন সফল ভাৱে আয়োজন কৰাৰ বাবে অসম ওয়েট লিফটিং এচিছিয়েচনৰ সাধাৰণ সচিব তথা অসম অলিম্পিক এছোচিয়েচনৰ সহ-সচিব ভৱজ্যোতি গোস্বামীয়ে ধন্যবাদ জনায় আয়োজক সকলক ।

ইপিনে 48 সংখ্যক সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং চেম্পিয়নশ্বিপত ইয়ুথ গাৰ্লছ শাখাত শ্ৰেষ্ঠ লিফটাৰ হয় ধেমাজিৰ পঞ্চমী সোনোৱাল । ইয়ুথ বয়েজ জুনিয়ৰ শাখাত শ্ৰেষ্ঠ লিফটাৰ হয় চৰাইদেৱৰ সুদীপ্ত বৰুৱা । জুনিয়ৰ ওমেন আৰু চিনিয়ৰ মহিলা শাখাত শীৰ্ষ লিফটাৰ হয় শিৱসাগৰৰ বৰ্ণালী বৰুৱা । জুনিয়ৰ পুৰুষ শাখাত শ্ৰেষ্ঠ লিফটাৰৰ খিতাপ লাভ কৰে চৰাইদেৱৰ ঋতুপূৰ্ণ নৰে । চিনিয়ৰ পুৰুষ শাখাত শ্ৰেষ্ঠ লিফটাৰৰ হয় চৰাইদেৱৰ নিতু তামুলী । শ্ৰেষ্ঠ মহিলা দল নিৰ্বাচিত হয় ধনশিৰি আৰু শ্ৰেষ্ঠ পুৰুষৰ দল নিৰ্বাচিত হয় চৰাইদেৱ ।

লগতে পঢ়ক : মোহনবাৰী বিমান বন্দৰত উলংঘা ক'ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.