ডিমা হাছাও,11 মাৰ্চ: ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি ঘন জংঘলত অব্যাহত আছে চোৰাং চিকাৰীৰ অবাধ বিচৰণ ৷ বুধবাৰে ডিমা হাছাও জিলাত চোৰাং চিকাৰীয়ে গুলিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী। জিলাখনৰ প্ৰত্যন্ত বংকাই গাঁৱৰ জংঘলত চোৰাং চিকাৰীয়ে গুলিয়াই হত্যা কৰে নাহৰফুটুকীটোক।
প্ৰাপ্ত তথ্য অনুসৰি,ডিমা হাছাও জিলাৰ প্ৰত্যন্ত বংকাই গাঁৱৰ পৰা কিছু দূৰৈৰ এখন জংঘলত দুই চোৰাংচিকাৰীয়ে চিকাৰৰ উদ্দেশ্যেৰে গৈছিল ৷ চিকাৰৰ বাবে যোৱা দুই চোৰাং চিকাৰীক আক্ৰমণ কৰিছিল এই নাহৰফুটুকীয়ে । এই নাহৰফুটুকীৰ আক্ৰমণত এজন চোৰাং চিকাৰী গুৰুতৰভাৱে আহত হয় ৷ চিকাৰী দুটাক আক্ৰমণৰ বাবে খেদি আহোতেই আনজন চিকাৰীয়ে নাহৰফুটুকীটোক গুলিয়াই হত্যা কৰে বুলি জানিবলৈ পোৱা গৈছে ৷ ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় বনবিভাগৰ কৰ্মী ৷ বনবিভাগৰ কৰ্মীয়ে উদ্ধাৰ কৰে নাহৰফুটুকীটোৰ মৃতদেহটো ৷ ইপিনে,নাহৰফুটুকীৰ আক্ৰমণত আহত চোৰাং চিকাৰীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু নাহৰফুটুকীটোক গুলিয়াই হত্যা কৰা চোৰাং চিকাৰীটোৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷ অন্য এক খবৰৰ বাবে: নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ সাতজন আহত
উল্লেখযোগ্য যে,বন্যপ্ৰাণী সংৰক্ষণ আইন অনুসৰি জংঘলত বন্যপ্ৰাণী হত্যা কৰা নিষিদ্ধ ৷ কিন্তু ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত চোৰাং চিকাৰীয়ে বন্যপ্ৰাণীক হত্যা কৰি আহিছে ৷ জিলাখনৰ বনবিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ যাৰ বাবে স্থানীয় ৰাইজে এই নাহৰফুটুকীটোৰ হত্যাত লগত জড়িত দুই চোৰাং চিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে ডিমা হাছাও জিলাত বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ কাৰণে বনবিভাগে পদক্ষেপ গ্ৰহণৰো দাবী জনায়।