ডিমা হাছাও 24 মে’: হাফলঙত শনিবাৰে কোভিড-19ত 7 গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ পিছতে জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ দিয়ে জিলাখনৰ সকলো দোকান-পোহাৰ । লগতে হাফলং চহৰত থকা হোটেল জয়শ্ৰী, হোটেল চনটিলা আৰু জে এন বি বিদ্যালয় সম্পূৰ্ণ ছীল কৰি দিয়ে । ইয়াৰোপৰি সম্পূৰ্ণ 100 মিটাৰ এলেকা কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে ।
আনহাতে, ডিমা হাছাও জিলা প্ৰশাসনে এই এলাকাসমূহত অত্যাৱশ্যকীয় চিকিৎসাৰ সামগ্ৰী সেৱাৰ বাহিৰে অন্য মানুহৰ অহা-যোৱা আৰু যানবাহন চলাচলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ পৰা অসম আৰক্ষীৰ সংগ্ৰহ ২৫ লাখ টকা