ETV Bharat / state

দেৱলাল গাৰ্লোচাক কেন্দ্ৰকৰি ডিমা হাছাওত বলিছে ৰাজনৈতিক গৰম বতাহ - মুখ্য কাৰ্য্যবাহী সদস্য পূৰনেন্দু লাংথাচা

মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাক লৈ ডিমা হাছাও জিলাত এতিয়া কংগ্ৰেছ আৰু বিজেপি দলৰ ৰাজনৈতিক সংঘাত তুংগত উঠিছে।

dima-hasao-north-cachar-hills-political-situation-of-devlal-garlcha-bjp-conress-fight
দেৱলাল গাৰ্লচাক কেন্দ্ৰকৰি ডিমা হাছাও ৰাজনৈতিক বতাহ গৰম
author img

By

Published : Jul 3, 2020, 10:09 PM IST

ডিমা হাছাও,3জুলাইঃ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোচাকলৈ ডিমা হাছাও জিলাত কংগ্ৰেছ আৰু বিজেপি দলৰ সংঘাত তুংগত উঠিছে। সম্প্ৰতি কংগ্ৰেছ দলে এখন সংবাদমেল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ তদানীন্তন মুখ্য কাৰ্য্যবাহী সদস্য পূৰনেন্দু লাংথাচা আৰু নিন্দু লাংথাচাৰ হত্যাকাণ্ডত জড়িত বৰ্তমান পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পদত্যাগ দাবী কৰিছিল কংগ্ৰেছ দলে।

dima-hasao-north-cachar-hills-political-situation-of-devlal-garlcha-bjp-conress-fight
দেৱলাল গাৰ্লচাক কেন্দ্ৰকৰি ডিমা হাছাও ৰাজনৈতিক বতাহ গৰম

ইয়াৰ পিছতে যোৱা বুধবাৰে ডিমা হাছাও জিলা বিজেপিয়ে এখন সংবাদমেল পাতি কংগ্ৰেছৰ মন্তব্যৰ খণ্ডন কৰি কংগ্ৰেছ দলক উভতি ধৰিছিল। যাৰ বাবে শুকুৰবাৰে ডিমা হাছাও জিলা কংগ্ৰেছে হাফলঙৰ ৰাজীৱ ভৱনত এখন সাংবাদমেল আয়োজন কৰি কংগ্ৰেছ নেতা মহেন্দ্ৰ কেম্প্ৰাইয়ে বিজেপি দলেক আক্ৰমণ কৰি কয় দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে কংগ্ৰেছ দলে চার্জ চিট দিয়া নাই। পূৰণেন্দু নিন্দু লাংথাচা হত্যাকাণ্ডত দেৱলাল গাৰ্লোচাক অভিযুক্ত কৰি আৰক্ষীয়ে হাফলং চি জে এম আদালতত চার্জ চিট জমা দিছে।

দেৱলাল গাৰ্লোচাক কেন্দ্ৰকৰি ডিমা হাছাওত বলিছে ৰাজনৈতিক গৰম বতাহ

সংবাদমেলত কংগ্ৰেছ নেতা মহেন্দ্ৰ কেম্প্ৰাইয়ে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত থকা ৰাজ্যৰ গৃহ বিভাগে প্ৰচিকিউচনত অনুমোদন দিয়াৰ পিছতেই আৰক্ষীয়ে এই হত্যাকাণ্ডৰ গোচৰত দেৱলাল গাৰ্লোচাক অভিযুক্ত কৰি চার্জ চিট জমা দিছে। যাৰ বাবে কংগ্ৰেছ দলে নৈতিক দায়িত্বলৈ মুখ্য কাৰ্য্যবাহী সদস্য পদৰ পৰা দেৱলাল গাৰ্লোচাক পদত্যাগ কৰাৰ দাবী জনাইছিল। কাৰণ অপৰাধী ব্যক্তি মুখ্য কাৰ্য্যবাহী সদস্য হৈ থাকিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ গৰিমা নষ্ট হ‘ব। মহেন্দ্ৰ কেম্প্ৰায়ে প্ৰশ্ন কৰে বিজেপি চৰকাৰক ক‘ত গ‘ল সৰ্বানন্দ সোণােৱালৰ জিৰ' টলাৰেন্স নীতি, পাৰ্বত্য পৰিসদত বিজেপিৰ 28 গৰাকী সদস্য থকাৰ পিছতো মুখ্য কাৰ্য্যবাহী সদস্য পতাৰ বাবে কোনো উপযুক্ত সদস্য নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰি বিজেপিক উভতি ধৰে কংগ্ৰেছ নেতা মহেন্দ্ৰ কেম্প্ৰাইয়ে।

লগতে পঢ়কঃ স্বাৱলম্বীতাৰ অন্যতম পথ হ'ব পাৰে ড্ৰেগন ফলৰ খেতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.