ডিমা হাছাও, 4 নৱেম্বৰ: ডিমা হাছাৱৰ চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক হ'ল পৰম্পৰাগত সাজ । প্ৰধান সচিবৰ এই নিৰ্দেশ অনুসৰিয়ে সোমবাৰ অৰ্থাৎ 4 নৱেম্বৰৰ পৰা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় আৰু স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা চৰকাৰী কাৰ্যালয়তো কৰ্মচাৰী সকলে নিজৰ নিজৰ পৰম্পৰাগত সাজ পৰিধান কৰি কাৰ্যালয়ত উপস্থিত হয় । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা ই এম গোলঞ্জ থাওচেনেও পৰম্পৰাগত সাজ পৰিধান কৰি কাৰ্যালয়ত উপস্থিত হয় ।
আনহাতে, চি ই এম দেৱলাল গাৰ্লছাৰ নিৰ্দেশত সোমবাৰে ই এম গোলঞ্জ থাওচেন পৰিষদৰ সচিবালয় পৰিদৰ্শন কৰাৰ পাচত দুজন কৰ্মচাৰীয়ে পৰম্পৰাগত সাজ পৰিধান নকৰাকৈ কাৰ্যালয়ত উপস্থিত হোৱা প্ৰত্যক্ষ কৰে ৷ যাৰ বাবে দুয়োগৰাকী কৰ্মচাৰীৰ এক মাহৰ দৰমহা কৰ্তন কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
উল্লেখ্য যে, বিগত 29 অক্টোবৰ চি ই এম দেৱলাল গাৰ্লছাৰ নেতৃত্বত পৰিষদৰ কাৰ্যনিৰ্বাহ সমিতিয়ে এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ 31 অক্টোবৰত স্বায়ত্ব শাসিত পৰিষদৰ অধিবেশনত অনুমোদন লাভ কৰাৰ পাচত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ নৰ্মাল বিভাগৰ প্ৰধান সচিব মুকুট কেম্প্ৰাইয়ে এই নিৰ্দেশ জাৰি কৰে ৷ যি নিৰ্দেশ 4 নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা কাৰ্যকৰী হয় । যাৰ বাবে এতিয়াৰ পৰা প্ৰতি সোমাবাৰে সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ পৰম্পৰাগত সাজ পৰিধান কৰি কাৰ্যালয়ত উপস্থিত হ'ব লাগিব বুলি উল্লেখ কৰে ই এম গোলঞ্জ থাওচেনে ।