ডিমা হাছাও, 14 মে’: ডিমা হাছাওত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । পাহাৰীয়া জিলাখনৰ সদৰ চহৰ হাফলংত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণৰ ঘটনা ৷ শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা হয়গৈ 23 গৰাকী ।
বৰ্তমানে জিলাখনত আক্ৰান্ত হৈ আছে 426গৰাকী লোক ৷ ইয়াৰে হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 41 গৰাকী ৰোগী আৰু হোম আইচলেশ্যনত ৰখা হৈছে 200 গৰাকী লোকক। ইয়াৰ মাজতে সুস্থ হৈ উঠিছে 179 গৰাকী আক্ৰান্তলোক ৷
ইপিনে, ডিমা হাছাও জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ শনিবাৰে ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী যোগেন মহন হাফলংত উপস্থিত হ’ব । হাফলং চাৰ্কিট হাউচত জিলাপ্ৰশাসন স্বাস্থ্য বিভাগ আৰু উত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদ কৰ্তৃপক্ষৰ লগতে ক’ভিড পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হ’ব মন্ত্ৰী গৰাকী ।
লগতে পঢ়ক : অসম আৰক্ষীত ব্যাপক ৰদ-বদল