ETV Bharat / state

সোমবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 113 গৰাকী

author img

By

Published : May 25, 2021, 7:59 AM IST

সোমবাৰৰ দিনটোলৈকে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 1,044 গৰাকী লৈ বৃদ্ধি ৷ সোমবাৰে জিলা খনত নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় 113 গৰাকী ৷

সোমবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 113 গৰাকী
সোমবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 113 গৰাকী

ডিমা হাছাও,25 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিমা হাছাওতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কাল কৰ’ণাই ৷ সোমবাৰৰ দিনটোলৈকে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 1,044 গৰাকীলৈ বৃদ্ধি পাইছে ৷ জিলা স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, দেওবাৰৰ দিনটোত পাহাৰীয়া জিলাখনত ক’ভিডৰ সংক্ৰমণ কিছু হ্ৰাস পাইছিল ৷ কিন্তু সোমবাৰে জিলাখনত নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় 113 গৰাকী লোক ।

সোমবাৰে পাহাৰীয়া জিলাখনত 954 গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত 113 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি । আনহাতে, জিলাখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 7 গৰাকী ব্যক্তিৰ ।

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ গাঁৱসমূহত ক্ৰমাৎ গণ সংক্ৰমণৰ দিশে গতি কৰিছে কাল কৰ’ণাই ৷ বিশেষকৈ জিলাখনৰ অধিকাংশ ৰাইজৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷

জিলা স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, সোমবাৰৰ দিনটোলৈ সুস্থ হৈ উঠিছে 330 গৰাকী ক’ভিড ৰোগী । ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যা হৈছে 683 গৰাকী । জিলাখনৰ বিভিন্ন হাস্পতালত 79 গৰাকী ৰোগীৰ চিকিৎসা চলি থকাৰ লগতে 590 গৰাকী ৰোগী হোম আইচ'লেচনত আছে ৷

লগতে পঢ়ক: ব্লেক আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ আহিছে ‘য়েল্ল’ ফাংগাছ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.