ডিমা হাছাও 1 নৱেম্বৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মচাৰী সকলে নিজৰ নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰি উপস্থিত হ'ব লাগিব কাৰ্যালয়ত । চাৰি নৱেম্বৰৰ পৰা প্ৰতি মাহৰ সোমাবাৰে কৰ্মচাৰীয়ে নিজৰ নিজৰ পোছাক পৰিধান কৰি কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে পৰিষদৰ প্ৰধান সচিবে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব মুকুট কেম্প্ৰাইয়ে এই সম্পৰ্কে জাৰি কৰিছে এক নিৰ্দেশ । নিৰ্দেশত প্ৰধান সচিবে উল্লেখ কৰে যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰীৰ লগতে চি ই এম, ই এমৰ অধ্যক্ষয়েও পৰিষদৰ সদস্য সকলৰ বাবে এই নিয়ম প্ৰযোজ্য কৰিছে ।
আনহাতে, পৰিষদৰ প্ৰধান সচিবে নিৰ্দেশত উল্লেখ কৰে যে, এই নতুন নিয়ম আৰম্ভ হোৱাৰ পিছত কোনো কৰ্মচাৰীয়ে যদি নিজৰ নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰি কাৰ্যালয়ত উপস্থিত নহয় ইয়াৰ বাবে কৰ্মচাৰী চি ই এম, ই এমৰ অধ্যক্ষ আৰু পৰিষদৰ সদস্য সকলৰ এক মাহৰ বেতন কৰ্তন কৰা হ'ব ।
উল্লেখ্য যে, বিগত 29 অক্টোবৰত বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সমিতিৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷