ETV Bharat / state

দেৱলাল গাৰ্লচাক উভতি ধৰিলে প্ৰাক্তন দুই মুখ্য কাৰ্যবাহী সদস্যই - ভিলেজ কাউন্সিল

দেৱলাল গাৰ্লচাই এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছে ডিমা হাছাও জিলাত পঞ্চায়তি ৰাজ প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰাৰ পাচতে বৃহস্পতিবাৰে দেৱলাল গাৰ্লচাক উভতি ধৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সমৰজিৎ হাফলংবাৰ আৰু দেৱজিৎ থাওচেনে ৷

দেৱলাল গাৰ্লচাক উভতি ধৰিলে প্ৰাক্তন দুই মুখ্য কাৰ্যবাহী সদস্যই

author img

By

Published : Mar 19, 2021, 1:55 PM IST

ডিমা হাছাও,19 মাৰ্চ: বুধবাৰে সন্ধিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ গেষ্ট হাউচত দেৱলাল গাৰ্লচাই এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছে ডিমা হাছাও জিলাত পঞ্চায়তি ৰাজ প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰাৰ পাচতে বৃহস্পতিবাৰে দেৱলাল গাৰ্লচাক উভতি ধৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সমৰজিৎ হাফলংবাৰ আৰু দেৱজিৎ থাওচেনে ৷

দেৱলাল গাৰ্লচাক উভতি ধৰিলে প্ৰাক্তন দুই মুখ্য কাৰ্যবাহী সদস্যই

এখন সংবাদমেল সম্বোধন কৰি পৰিষদৰ প্ৰাক্তন দুয়ো গৰাকী মুখ্য কাৰ্যবাহী সদস্যই কয়, দেৱলাল গাৰ্লচাই NOC দিয়াৰ বাবেই এতিয়া ডিমা হাছাও জিলাত পঞ্চায়তি ৰাজ প্ৰৱৰ্তন হোৱাৰ দিশে আগবাঢ়িছে ৷ কাৰণ 2012 চনত পঞ্চায়তি ৰাজ প্ৰৱৰ্তন নোহোৱাৰ বাবে দেৱজিত থাওচেনৰ নেতৃত্বত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য নিৰ্বাহক কমিটিয়ে ৰাজ্যপালৰ অনুমোদনৰ বাবে ভিলেজ কাউন্সিল গঠন কৰাৰ বাবে প্ৰস্তাৱ পঠাইছিল।

কিন্তু 2019 চনত দেৱলাল গার্লচাৰ নেতৃত্বত পৰিষদৰ কাৰ্য নিৰ্বাহক কমিতিয়ে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি ৰাজ্যপালৰ ওচৰত পত্ৰ প্ৰেৰণ কৰে আৰু 2019 চনৰ 25 ছেপ্টেম্বৰত NOC দিয়াৰ ফলতেই ডিমা হাছাও জিলাত এতিয়া পঞ্চায়তি ৰাজ প্ৰৱৰ্তন হ'বলৈ গৈ আছে বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক: চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.