ETV Bharat / state

ডিমা হাছাওত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

ডিমা হাছাও জিলাৰ মহকুমা সদৰ মাইবাঙত এবছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ । শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

Deadbody of a one year old child recovered in Dima Hasao
ডিমা হাছাওত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Nov 10, 2020, 9:57 PM IST

ডিমা হাছাও, 10 নৱেম্বৰ : ডিমা হাছাও জিলাত মঙলবাৰে উদ্ধাৰ এটি এবছৰীয়া কণমানি শিশুৰ মৃতদেহ ৷ মাইবাং আৰক্ষীয়ে উদ্ধাৰ কৰে কন্যা শিশুটিৰ মৃতদেহ ৷ মাইবাঙৰ ডিমাচা ৰজাৰ স্মৃতি সৌধৰ এক পাথৰৰ ঘৰৰ ওচৰত থকা ৰেলৰ দলঙৰ তলত জংঘলত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷

মাইবাং আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, কোনো লোকে হত্যা কৰি কণমানিটিক ৰেলৰ দলঙৰ তলত পেলাই দিয়ে । আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে মাইবাং আৰক্ষীয়ে ।

লগতে পঢ়ক : পৰ্যটকৰ বাবে মুকলি পবিতৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.