ডিমা হাছাও,13 জানুৱাৰী: ডিমা হাছাও জিলাত আহি পালে ক‘ভিড প্ৰতিষেধক ৷ অহা 16 জানুৱাৰীৰ পৰা ডিমা হাছাওত ক‘ভিড প্ৰতিষেধক দিয়া আৰম্ভ হ‘ব বুলি বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ডিমা হাছাও জিলাৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ দিপালী বৰ্মনে।
আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সঞ্চালকৰ কাৰ্যালয়ত সংবাদমেলত ডাঃ দিপালী বৰ্মনে কয় যে, ডিমা হাছাও জিলাত হাফলং অসামৰিক চিকিৎসালয় আৰু উমৰাংচু প্ৰাথমিক চিকিৎসালয়ত উপলব্ধ হ‘ব এই ক‘ভিড প্ৰতিষেধক। প্ৰথম পৰ্যায়ত হাফলং অসামৰিক চিকিৎসালয়ত 147 গৰাকী স্বাস্থ্যকৰ্মী আৰু উমৰাংচুত 261 স্বাস্থ্যকৰ্মীক দিয়া হ‘ব এই প্ৰতিষেধক । দ্বিতীয় পৰ্যায়ত প্ৰথম শাৰীৰ ক‘ভিড যুদ্ধাসকলৰ লগতে আইচিডিএছ কৰ্মী চিডিপিও আৰু অংগনবাড়ী সহায়িকা সকলক দিয়া হ‘ব এই প্ৰতিষেধক। আনহাতে, তৃতীয় পৰ্যায়ত 50 বছৰৰ অধিক বয়সৰ লোকসকলক দিয়া হ‘ব এই প্ৰতিষেধক ৷
ইয়াৰ পাছতে চতুৰ্থ পৰ্যায়ত 50 বছৰৰ তলৰ লোকসকলক দিয়া হ‘ব ক‘ভিড প্ৰতিষেধক। 28 দিনৰ ভিতৰত দুবাৰকৈ ক‘ভিড প্ৰতিষেধক প্ৰদান কৰা হ‘ব বুলি জানিবলৈ দিয়ে দিপালী বৰ্মনে। সংবাদমেলত ডাঃ মেৰিনা এল চাংসনে কয় যে, ক‘ভিড প্ৰতিষেধক দিয়াৰ পিচতো প্ৰতিষেধক লোৱাসকলে মানি চলিব লাগিব স্বাস্থ্য বিধি ৷
লগতে পঢ়ক: গুৱাহাটী পালে উত্তৰ-পূৰ্বাঞ্চলৰ কোভিড প্ৰতিষেধকৰ দ্বিতীয়টো গোট