ETV Bharat / state

Home Isolationত থাকিব নোৱাৰিব ডিমা হাছাওৰ ক'ভিড ৰোগী - হোম আইচ'লেচন

হোম আইচ'লেচন(home isolation)ত থাকিব বিচৰা ক'ভিড ৰোগীৰ বাবে কেতবোৰ চৰ্ত নিৰ্ধাৰণ কৰিছে ডিমা হাছাও জিলা প্ৰশাসনে । কোনো লোকৰ দেহত কৰ'ণা ভাইৰাছ(Corona Virus) ৰ অৱস্থিতি ধৰা পৰিলেই ভৰ্তি হ'ব লাগিব চিকিৎসালয়ত । যদি কোনো ৰোগী হোম আইচ'লেচনত থাকিব বিচাৰে, তেন্তে তেওঁলোকে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম মানি চলিহে থাকিব পাৰিব । শুকুৰবাৰে ডিমা হাছাও জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰে ।

Covid patient to move to Government facility in DimaHasao
এতিয়াৰে পৰা হোম আইছ'লেছনত থাকিব নোৱাৰিব ডিমা হাছাওৰ ক'ভিড ৰোগী
author img

By

Published : Jun 18, 2021, 9:18 PM IST

ডিমা হাছাও, ১৮ জুন : ৰাজ্যৰ কেইবাখনো জিলাত এতিয়াও অনিয়ন্ত্ৰিতভাৱে বাঢ়ি আছে ক'ভিড আক্ৰান্তৰ সংখ্যা । সেয়ে, অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । ডিমা হাছাও জিলাতো ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে । এই নিৰ্দেশ অনুসৰি, এতিয়াৰে পৰা জিলাখনৰ ক'ভিড ৰোগীসকল হোম আইচ'লেচনত থাকিলে মানি চলিব লাগিব প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম । হোম আইচ'লেচনৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে নতুন নিৰ্দেশনা জাৰি কৰাৰ পাছতে ডিমা হাছাও জিলা প্ৰশাসনে ক'ভিড ৰোগীক হোম আইচ'লেচনত থকাৰ অনুমতি দিয়াৰ ক্ষেত্ৰত এই সিদ্ধান্ত লয় ।

শুকুৰবাৰে এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে ডিমা হাছাওৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ অধ্যক্ষ পল বৰুৱাই । এতিয়াৰে পৰা ক'ভিড আক্ৰান্ত ৰোগী ক'ভিড কেয়াৰ চেণ্টাৰত চৰকাৰী চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব । কোনো ৰোগী যদি হোম আইচ'লেচনত থাকিব বিচাৰে, তেন্তে ৰোগী গৰাকীৰ ঘৰতে পৃথক কোঠা থকাৰ লগতে পৃথক বাথৰুম থাকিব লাগিব ।

Covid patient to move to Government facility in DimaHasao
এতিয়াৰে পৰা হোম আইছ'লেছনত থাকিব নোৱাৰিব ডিমা হাছাওৰ ক'ভিড ৰোগী

এই সকলো সুবিধা আছে নে নাই সেয়া জিলা প্ৰশাসনে নিৰীক্ষণ কৰাৰ পাছতহে ৰোগীক হোম আইচ'লেচনত থকাৰ বাবে অনুমতি প্ৰদান কৰিব পাৰিব স্বাস্থ্য বিভাগে । আৰু ইয়াৰ বাবে ডিমা হাছাও জিলা প্ৰশাসনে ব্লক পৰ্যায়ত টাস্ক ফ’ৰ্চ গঠন কৰি দিছে । মুঠতে ক'ভিড-১৯ৰ সংক্ৰমণে যাতে কালৰূপ ধাৰণ নকৰে, তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।

আনহাতে, জিলাখনত আশা কৰা ধৰণে আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই । কেৱল ডিমা হাছাও জিলাতে নহয়, ডিব্ৰুগড়, শোণিতপুৰ, তিনিচুকীয়া, যোৰহাট আদি জিলাতো মহামাৰীৰ সংক্ৰমণ বাঢ়িয়েই আছে । ইফালে, পূৰ্বে কামৰূপ মহানগৰ জিলাত দৈনিক আক্ৰান্তৰ সংখ্যা সৰ্বাধিক আছিল যদিও বিগত কিছু দিন ধৰি আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । সেয়ে, জিলাই জিলাই সাৱধনতা অৱলম্বন কৰা হৈছে ।

লগতে পঢ়ক:Microfinance-ৰ ঋণ ৰেহায়ৰ দাবীত লখিমপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.