ডিমা হাছাও, 16 মে': ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 474 গৰাকী লৈ বৃদ্ধি পালে । জিলাখনত দেওবাৰে নতুনকৈ 9 গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ।
দেওবাৰে দুপৰীয়া ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাই হাফলং অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত থকা ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লয় । তেওঁ চিকিৎসালয়ত উপস্থিত হৈ পি পি ই কীট পিৰিধান কৰি ক’ভিড ৱাৰ্ডত প্ৰৱেশ কৰি ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লয় ।
![covid cases increases in dima hasao to 474](https://etvbharatimages.akamaized.net/etvbharat/prod-images/474_16052021200659_1605f_1621175819_837.png)
ইপিনে হাফলং অসামৰিক চিকিৎসালয়ত চলি থকা 10 খন বিচনাযুক্ত আই চি ইউ ভৱনৰ কাম কাজৰো বুজ লয় জিলা উপায়ুক্ত পল বৰুৱাই । উল্লেখ্য যে, ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত 474 গৰাকী ৰোগীৰ ভিতৰত 201 গৰাকী ৰোগী সুস্থ হৈ উঠাৰ লগতে হাফলং অসামৰিক চিকিৎসালয়ত 36 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে আৰু 230 গৰাকী ৰোগীক হোম আইচ'লেশ্যনত ৰখা হৈছে ।
লগতে পঢ়ক : উত্তৰ গুৱাহাটীত নতুন ক’ভিড নীতি উলংঘা