ডিমা হাছাও, 31 মে’: ডিমা হাছাওত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 1410 গৰাকী লৈ বৃদ্ধি। দেওবাৰে জিলা খনত 33 গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
ইপিনে পাহাৰীয়া জিলা খনত বৰ্তমানলৈকে কৰ'ণাত আক্ৰান্ত হৈ 11 গৰাকী ৰোগীৰ মৃত্যু হৈছে। জিলা খনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা উদ্বেগ জনক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে।
![ডিমা হাছাওত দৈনিক বৃদ্ধি কৰ'ণা ৰোগীৰ সংখ্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/1410_30052021212402_3005f_1622390042_638.jpg)
বিগত 24 ঘণ্টাত জিলা খনত নতুনকৈ আৰু 16 গৰাকী শিশু কৰ'ণাত আক্ৰান্ত হৈছে। ইপিনে পাহাৰীয়া জিলা খনত কৰ'ণা ভাইৰাছত 1410 গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে ইতিমধ্যে সুস্থ হৈ উঠিছে 474 গৰাকী ৰোগী। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা 899 গৰাকী ৷ ইয়াৰ মাজতে 60 গৰাকী ৰোগীৰ চিকিৎসা চলিছে হাফলং অসামৰিক চিকিৎসালয়ত। লগতে হোম আইচ'লেচনত আছে 822 গৰাকী ৰোগী।
লগতে পঢ়ক:উলুৱনী আৰক্ষীৰ জালত পাঁচ জুৱাৰী