ডিমা হাছাও, 14 মাৰ্চ : হাফলং-শিলচৰৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাও লৈকে পথ নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ দক্ষিণ ভাৰতৰ নিৰ্মান সংস্থা ৰত্না ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ উল্লেখ্য যে, এই 25 কিলোমিটাৰ পথৰ মেৰামতিৰ দায়িত্ব ৰত্না ইনফ্ৰাক প্ৰদান কৰা হৈছিল যদিও সংস্থাটোয়ে কমিচনৰ ভিত্তিত শিলচৰৰ লক্ষ্মী মটৰ্চ নামৰ এক নিৰ্মাণ সংস্থাক দায়িত্ব অৰ্পন কৰিছিল ৷
এই পথৰ মেৰামতি তথা ব্লেকটেপিঙৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 54 কোটি টকা মোকোলাই দিছিল ৷ কিন্তু জাতিংগাৰ পৰা হাৰেংগাজাও অংশত নিম্নমানৰ কামৰ বাবে এতিয়া ব্লেকটেপিং উঠি যোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷
আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰি তোলাৰ বাবে এন চি হিলচ ইণ্ডিজনাচ ষ্টুডেন্টস ফৰাম আৰু বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পাচত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই বৃহৎ পৰিমাণৰ টকা মুকলাই দিছিল৷ ইণ্ডিজনাচ ষ্টুডেন্টস ফ'ৰামৰ সভাপতি ডেভিড কেভমৰ অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু নিৰ্মান সংস্থাৰ মাজৰ মিতিৰালিত এই পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ সেয়েহে চৰকাৰে অনতিপলমে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু নিৰ্মান সংস্থাটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায় ৷
আৰু পঢ়ক : কৰ'ণা আতংক : ৰাজ্যৰ শিক্ষানুষ্ঠানলৈ চৰকাৰৰ নিৰ্দেশাৱলী