ETV Bharat / state

উমৰাংচো পানিমৰত অবৈধ খননৰ বিৰুদ্ধে সৰৱ ডিমা হাছাও কংগ্ৰেছ - Congress react on illegal mining at karbi anglong

ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা, উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচা, জয়ছিং দ্রুঙ আৰু কংগ্ৰেছ কৰ্মী সকলে পানিমৰত উপস্থিত হৈ অবৈধ খননৰ কাম বন্ধ কৰাৰ দাবীত সৰৱ হৈ উঠে ।

উমৰাংচো পানিমৰত অবৈধ খননক লৈ সৰৱ ডিমা হাছাও কংগ্ৰেছ

author img

By

Published : Aug 6, 2020, 10:43 PM IST

ডিমা হাছাও, 6 আগষ্টঃ অসমৰ অন্যতম পৰ্যটন কেন্দ্ৰস্থল হিচাবে পৰিচিত উমৰাংচো পানিমৰত অবৈধ খননক লৈ সৰৱ হৈ উঠিল কংগ্ৰেছ দল । পানিমৰ জলপ্ৰপাত পৰ্যটকৰ সকলৰ কাৰণে এক আকৰ্ষণীয় স্থান আৰু এই পানিমৰত এতিয়া অবৈধ খনন কৰি নৈৰ পৰা শিল সংগ্ৰহ কৰিবলৈ এটা চক্ৰ ব্যস্ত হৈ পৰিছে বুলি অভিযোগ কংগ্ৰেছ দলৰ ।

বৃহস্পতিবাৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা, উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচা, জয়ছিং দ্রুঙ আৰু কংগ্ৰেছ কৰ্মী সকলে পানিমৰত উপস্থিত হৈ অবৈধ খননৰ কাম বন্ধ কৰাৰ দাবীত সৰৱ হৈ উঠে ।

কংগ্ৰেছ দলৰ অভিযোগ, জাতিংগা নৈ মাহুৰ নৈ আৰু মাইবাং নৈ পৰা অবৈধ খনন কৰি শিল সংগ্ৰহ কৰি সমগ্ৰ নৈ খালি কৰি দিয়া হৈছে ইয়াৰ ফলত পাহাৰীয়া জিলাখনৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ব্যাপক প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে । ইয়াৰ উপৰিও পানিমৰ জলপ্ৰপাত পৰ্যটকৰ কাৰণে এখন আকৰ্ষণীয় স্থল হিচাপে পৰিগণিত হৈছে ৷

লগতে ডিমাচা জনগোষ্ঠীৰ তীৰ্থস্থান হিচাবে পৰিচিত প্ৰতি বছৰত মাঘ পূৰ্ণিমাত ডিমাচা জনগোষ্ঠীৰ মানুহে এই পানিমৰত পুণ্যস্নান কৰে । যাৰ বাবে পানিমৰত অবৈধ খনন অনতিপলমে বন্ধ কৰিব লাগিব নহলে কংগ্ৰেছ এই বিষয়টোক লৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচায় ।

লগতে পঢ়কঃ ঠেলামৰা কাণ্ড সন্দৰ্ভত উচতনি মূলক মন্তব্য বিধায়ক অশোক সিংঘালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.